তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমাৱৰ্তী বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চল সমূহত মাৰাত্মক ড্ৰাগছ প্ৰচলনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ। ড্ৰাগছৰ কৱলত ইতিমধ্যে স্থানীয় বহু নৱপ্ৰজন্মৰ যুৱক কৰাল গ্ৰাসত সোমাই পৰা পৰিলক্ষিত হৈছে। ৰাজ্যত বৰ্তমানো অব্যাহত আছে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। প্ৰতিদিনে আৰক্ষীয়ে আটক কৰিছে নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায়ীৰ লগতে বহু সেৱনকাৰীক। ইয়াৰ পাছতো একাংশ অসাধু ব্যক্তিয়ে গাঁও চহৰ অঞ্চলত ড্ৰাগচৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰখা পৰিলক্ষিত হৈছে। নিচাজাতীয় দ্ৰব্য বন্ধৰ দাবীত আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰডুমচা পেঙেৰী আঞ্চলিক সমিতিয়ে বৰডুমচা অঞ্চলৰ শতাধিক ৰাইজৰ সহযোগত পদযাত্ৰা কৰি বৰডুমচা থানা ঘেৰাও কৰে। উল্লেখ্য যে, প্ৰতিবাদকাৰী ৰাইজে মাৰাত্মক নিচাযুক্ত দ্ৰব্য যেনে ড্ৰাগছ, কানি, সুৰা ইত্যাদি উৎখাত কৰাৰ বাবে পূৰ্বৰে পৰাই আৰক্ষী প্ৰশাসনক দাবী জনাই আহিছিল। কিন্তু আজি পৰ্যন্ত নিচাযুক্ত দ্ৰব্যৰ প্ৰচলন বন্ধ নহ’ল উক্ত অঞ্চলসমূহত। যাৰ পৰিণতিত কিছুদিনৰ আগতে তিনিচুকীয়া জিলাৰ টেকেৰি গাঁৱৰ এজন নৱম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু হয়। পেঙেৰী, বৰডুমচা আদিৰ দৰে অঞ্চলত দৈনিক অবাধ নিচাজাতীয় দ্ৰব্য প্ৰচলনে ভয়ংকৰ পৰিবেশৰ সৃষ্টি কৰিছে। নিচাজাতীয় দ্ৰব্য প্ৰচলনে নৱ প্ৰজন্মলৈ নামি আহিছে অশনি সংকেত। নিচাজাতীয় দ্ৰব্য প্ৰচলন সম্পূৰ্ণ ৰূপে বন্ধ কৰাৰ দাবীত বৰডুমচা থানা ঘেৰাও কৰি আৰক্ষী বিৰোধী শ্ল'গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে। বৰডুমচা আৰক্ষীয়ে অতিশীঘ্ৰে নিচাজাতীয় দ্ৰব্য প্ৰচলন বন্ধ কৰিবলৈ নোৱাৰিলে আগন্তুক দিনত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে। অন্যহাতে আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদকৰাৰ পাছত আৰক্ষীয়ে অবৈধ্য ড্ৰাগছ বেহা বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া অতি লক্ষণীয় হ’ব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बूंदी बस स्टैंड पर चारों ओर लगे हुए हैं कचरे के ढेर यात्री हुए परेशान
बूंदी बस स्टैंड पर चारों ओर लगे हुए हैं कचरे के ढेर यात्री हुए परेशान
હરીપર ગામે રહેણાંક મકાનમાંથી દેશી દારૂ ઝડપાયો
હરીપર ગામે રહેણાંક મકાનમાંથી દેશી દારૂ ઝડપાયો
Not allowed to raise Manipur when it’s burning: LoP Kharge to RS chairman Dhankhar
Leader of the House Piyush Goyal said the government has no objections and was ready for a...
भजनलाल सरकार का बजट खाटू श्याम जी में 100 करोड़ का बजट किया जाएगा खर्च, वित्त मंत्री दिया कुमारी ने किया बजट पेश
भजनलाल सरकार का पहला पूर्ण बजट पेश हो रहा है। वित्त मंत्री दीया कुमारी बजट पेश कर रहीं है।...
Nifty & Bank Nifty Today: Virendra Kumar से जानें, Nifty-Nifty Bank में किन Levels पर करें खरीदारी
Nifty & Bank Nifty Today: Virendra Kumar से जानें, Nifty-Nifty Bank में किन Levels पर करें...