বাঘজানবাসী ৰাইজক উচিত ক্ষতিপূৰণৰ পৰা বঞ্চিত কৰি আহিছে অইল ইণ্ডিয়া লিমিটেডে ,এই কথা প্ৰতীয়মান কৰিছে উচ্চতম ন্যায়ালয়ৰ ৰায়ে --তিনিচুকীয়াত বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘই সংবাদমেল যোগে প্ৰকাশ কৰে এই কথা।

শুক্ৰবাৰে বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ আৰু পৰিৱেশকৰ্মীৰ যৌথ উদ্যোগত বাঘজান কাণ্ডৰ ওপৰত তিনিচুকীয়াস্থিত বিষ্ণু-জ্যোতি সংগীত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখন সংবাদমেল সম্বোধন কৰে।

সংবাদমেল সম্বোধন কৰি অতি সম্প্ৰতি বাঘজান BGN-5 ত  Eco restoration ৰ নামত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত  প্ৰদূষণযুক্ত এলেকাত গছপুলি ৰোপন কৰা কাৰ্য্যক হাস্যকৰ বুলি মন্তব্য বাঘজানবাসীৰ ।

 

অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে চকু মুদা কুলিৰ দৰে এটা প্ৰদূষণযুক্ত এলেকাত গছ পুলি ৰোপণ কৰি তেওঁলোকৰ ভেঙুচালি পুনৰবাৰ উদঙাই দিয়াৰ বাহিৰে আন একো নহয় বুলিও উল্লেখ কৰিছে বাঘজান বাসীয়ে।

গছপুলি ৰোপণৰ বাবে বাঘজানবাসী বিৰোধী নহয়, হয়তো কোনেও বিৰোধী হ'ব নোৱাৰে বুলি উল্লেখ কৰি বাঘজান BGN-5 ৰ নিচেই কাষতে মাগুৰি বিলত আন এটা নতুনকৈ তৈল কূপ স্থাপনৰ কাম পূৰ্ণগতিত চলাই পৰিবেশ ধ্বংস কৰি  অইল আৰু  প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে প্ৰায় ৩৫ হাজাৰ গছপুলি মাৰি পেলোৱাটো সহজে গ্ৰহণ কৰিব নোৱাৰি বুলিও মন্তব্য বাঘজাবাসীৰ।