শিৱসাগৰত বিদ্যুতৰ তাঁৰত লাগি মৃত্যু এজন ব্যক্তিৰ

শিৱসাগৰত বিদ্যুতৰ তাঁৰত লাগি মৃত্যু এজন ব্যক্তিৰ ফুকন নগৰৰ এঘৰ ব্যক্তিৰ সকামৰ পেণ্ডেলত কাম কৰি থকা অৱস্থাত বিদ্যুত বিভাগৰ তাঁৰত লাগি মৃত্যু হয় উক্ত ব্যক্তি জনৰ । মৃত ব্যক্তিজন শিৱসাগৰ দৰিকাপাৰৰ মাইনা গগৈ (৩০)বুলি জানিব পৰা গৈছে । পৰিস্থিতি উত্তপ্ত পেণ্ডেলৰ মালিকক ঘেৰাও দি ধৰি জবাবদিহি কৰে উপস্থিত জনতাই । ঘটনাস্থলীত আৰক্ষী উপস্থিত যদিও বহুত পলমকৈ আৰক্ষী আহি উপস্থিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে সমবেত ৰাইজে ।