ধেমাজি, ২৯ জুলাই: দেশৰ স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তি উপলক্ষে ধেমাজি জিলাৰ দ্বিতীয় খন বিজুলী মহোৎসৱ আজি জিয়াঢলৰ বালিচৰিত অনুষ্ঠিত কৰা হয়। অৰুণাচল সীমান্তৱৰ্তী এই দূৰণীবতীয়া অঞ্চলটোত আয়োজিত বিদ্যুৎ মহোৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা পৰিষদৰ সভাপতি মোহন গগৈয়ে। মুখ্য অতিথি হিচাপে দিয়া ভাষণত জিলা পৰিষদৰ সভাপতি মোহন গগৈয়ে কয় যে, দেশৰ শক্তি খণ্ড‌ত যোৱা কিছু বছৰত হোৱা প্ৰগতিয়ে আমাৰ দেশৰ সামগ্ৰিক অগ্ৰগতিকে সূচাইছে। আজি যতে গ্ৰাম্য পথ নিৰ্মাণ হৈছে, যতে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ দ্বাৰা ঘৰ নিৰ্মাণ হৈছে তাতেই সহজতে বিদ্যুৎ সংযোগ হৈছে বুলি তেওঁ উল্লেখ কৰে। জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠকে দিয়া ভাষণত বিদ্যুতৰ ব্যৱহাৰৰ ক্ষেত্ৰত পালন কৰিব লগীয়া সাৱধানতা সমূহৰ বিষয়ে কয়। তেওঁ কয় যে, আজি দেশৰ বিদ্যুৎ খণ্ডত ইমানেই প্ৰগতি সাধন হৈছে যে, এতিয়া এই দূৰণীবতীয়া সীমান্তৱৰ্তী অঞ্চলটোৰো ঘৰে ঘৰে বিজুলী সংযোগ সম্ভৱ হৈছে, যিটো কেইবছৰ মান আগলৈকে কল্পনাতীত আছিল। সভাৰ আৰম্ভণীতে উত্তৰ পূব বৈদ্যুতিক শক্তি নিগমৰ প্ৰৱন্ধক জ্ঞানজ্যোতি দেউৰীয়ে আদৰণি ভাষণত কয় যে, যোৱা ৮ বছৰৰ ভিতৰত দেশৰ শক্তি খণ্ড‌ত অভূতপূৰ্ব উন্নয়ন সাধন হৈছে। এতিয়া ভাৰতে প্ৰয়োজনতকৈ অধিক বিদ্যুৎ উৎপাদন কৰি বিদেশলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। তেওঁ কয়, এয়া সম্ভৱ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোন আৰু সংকল্পৰ বাবে। সভাত অসম শক্তি বিতৰণ প্ৰতিস্থানৰ উত্তৰ লখিমপুৰ চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়া অমৰজিৎ শৰ্মাই চমু বক্তব্য আগবঢ়াই বিদ্যুতৰ ব্যৱহাৰৰ ক্ষেত্ৰত পালনীয় সাৱধানতাৰ বিষয়ে ৰাইজক সুন্দৰকৈ বুজাই কয়। বিদ্যুৎ বিভাগৰে ধেমাজিৰ সহকাৰী মহা প্ৰৱন্ধক নিপন সোণোৱালে নিজৰ ভাষণত কয় যে, ধেমাজি জিলাত সৌভাগ্য আঁচনিৰ অধীনত ৫১,৩১৭ টা পৰিয়াললৈ, দীন দয়াল উপাধ্যায় গ্ৰামজ্যোতি যোজনাৰ অধীনত ১২,৩০৭ টা পৰিয়াললৈ বিনামূলীয়াকৈ বিদ্যুৎ সংযোগ প্ৰদান কৰা হৈছে। সভাৰ সামৰণিত শলাগৰ শৰাই আগবঢ়াই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰফুল্ল দেউৰীয়ে। সভাত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু সাংস্কৃতিক বিষয়া বিদ্যাধৰ দেউৰীও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। সভাত কেবাগৰাকীও বিদ্যুতৰ উপভোক্তাই নিজৰ অনুভৱ প্ৰকাশ কৰি বিদ্যুৎ সংযোগে তেওঁলোকৰ জীৱনলৈ অনা ইতিবাচক পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত জন-সজাগতা সৃষ্টিৰ উদ্দেশ্যে সুন্দৰ কেবাখনো ছুটি ছৱি আৰু বাটৰ নাট প্ৰদৰ্শন কৰা হয়। তদুপৰি বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠানো পৰিবেশনৰ দ্বাৰা অনুষ্ঠানতো উপভোগ্য হৈ পৰে।