বিশ্বনাথ জিলাতো পঞ্চম ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভ উদ্বোধন

বিশ্বনাথ চাৰিআলি, ১ ছেপ্তেম্বৰঃ

 দেশৰ ভৱিষ্যত নাগৰিক শিশুসকলক সুস্থ-সবল কৰাৰ উদ্দেশ্যৰে শিশুৰ পুষ্টি আৰু বিকাশৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিবলৈ কেন্দ্রীয় চৰকাৰে প্ৰতিবছৰে ছেপ্তেম্বৰ মাহটি ৰাষ্ট্রীয় পোষণ মাহ হিচাবে পালন কৰি আহিছে । আজি বিশ্বনাথ জিলা প্রশাসন তথা মহিলা আৰু শিশু কল্যাণ বিভাগৰ উদ্যোগত বিশ্বনাথতো পঞ্চম ৰাষ্ট্ৰীয় পোষণ মাহৰ শুভাৰম্ভ কৰা হয়। সেই উপলক্ষে আজি বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ত জিলা পৰ্যায়ত অনুষ্ঠিত শুভ উদ্বোধনী অনুষ্ঠানটি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত লিজা তালুকদাৰে ।

১ চেপ্তেম্বৰৰ পৰা ৩০ চেপ্তেম্বৰ পৰ্যন্ত অনুষ্ঠিত হ'ব লগা এই পোষণ মাহ উপলক্ষে বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ত আজি পুৱাই দেখা পোৱা গ'ল শিশুৰ বাবে প্ৰয়োজনীয় থলুৱা পুষ্টিকাৰক খাদ্যৰ প্ৰদৰ্শনীও। 

 উল্লেখযোগ্য যে, জিলাখনৰ ৭টাকৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত সংহত শিশু উন্নয়ন প্ৰকল্পৰ কৰ্মীসকলে অংশগ্ৰহণ কৰি এক সজাগতামুলক ৰেলীৰো আয়োজন কৰে। বিশ্বনাথৰ উপায়ুক্তৰ সন্মিলন কক্ষত অনুষ্ঠিত এই অনুষ্ঠানটিত মহিলা আৰু শিশু বিকাশ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া, জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক, জিলা প্ৰাথমিক শিক্ষা বিষয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা, জিলা কৃষি বিষয়া, জিলা আচঁনি প্ৰবন্ধক, এএচআৰএলএম, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আচঁনি প্ৰবন্ধক, খণ্ড উন্নয়ন বিষয়া, শিশু বিকাশ প্ৰকল্প বিষয়া, মুখ্য সেৱিকা, জিলা পোষণ টীম প্ৰমুখ্যে জিলাখনৰ বহু কেইটা গুৰুত্বপূৰ্ণ বিভাগৰ বিষয়া তথা মুৰব্বী আৰু অংগনৱাড়ী কৰ্মী উপস্থিত আছিল।