সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাতো আজিৰে পৰা গৰ্ভৱতী,প্ৰসূতি মাতৃ,শিশু আৰু কিশোৰ-কিশোৰীসকলৰ মাজত পৰিপুষ্টি আৰু উচিত খাদ্যাভ্যাস সম্পৰ্কে তৃণমূল পৰ্যায়তে সজাগতা সৃষ্টিৰ উদ্দেশ্যে পোষণ মাহ আৰু মাত্ৰু বন্দনা সপ্তাহ আৰম্ভ কৰা হৈছে । পোষণ মাহ উপলক্ষে আজিৰে পৰা জিলাখনত মাহযোৰা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।সেই অনুসৰি অংগনবাড়ী কেন্দ্ৰ,বিদ্যালয় প্ৰাংগন,পঞ্চায়ত কাৰ্যালয়, ৰাজহুৱা স্থান আদিত ঔষধি গছপুলি ৰোপণ কৰা আৰু গৰ্ভৱতী, প্ৰসূতি মাতৃ, শিশু আৰু কিশোৰীসকলক পুষ্টিকৰ খাদ্য যোগানত গুৰুত্ব আৰোপ কৰি পুষ্টিকৰ ৰন্ধন প্ৰকৰণক উৎসাহিত কৰাৰ বাবে ৰন্ধন প্ৰতিযোগিতা আৰু সজাগতা কাৰ্যসূচীৰ ৰূপায়ন কৰা হ'ব । ইয়াৰোপৰি পৰিপুষ্টি সম্পৰ্কীয় সজাগতা কাৰ্যসূচীৰ লগতে গৰ্ভৱতী, প্ৰসূতি মাতৃ আৰু শিশুসকলৰ মাজত পুষ্টিকৰ খাদ্য বিতৰণ কৰাৰ লগতে পুষ্টিহীনতাত ভোগা শিশুক চিনাক্ত কৰি পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব । আনহাতে এইবাৰ "মাতৃ শক্তি ৰাষ্ট্ৰ শক্তি"ক বিষয়বস্তু হিচাপে লৈ প্ৰথমবাৰলৈ গৰ্ভৱতী হোৱা মাতৃসকলক পঞ্জীয়নৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যে মাত্ৰু বন্দনা সপ্তাহ উদযাপন কৰা হৈছে৷ উল্লেখযোগ্য যে এই সপ্তাহৰ উদ্দেশ্য হৈছে আচঁনিখনৰ বিষয়ে জনসজাগতাৰ সৃষ্টি কৰা ।এই আঁচনিৰ অধীনত প্ৰথমবাৰলৈ গৰ্ভৱতী হোৱা মাতৃসকলক পঞ্জীয়ন কৰি তিনিটা কিস্তিত ৫০০০টকা প্ৰদান কৰা হয় । জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আজি যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আনুষ্ঠানিকভাবে "পোষণ মাহ-২০২২" আৰু "মাত্ৰু বন্দনা সপ্তাহ-২০২২" ৰ উদ্বোধন কৰা হয়৷ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ অধ্যক্ষতাত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই কয় যে, এই অভিযান কেবল সমাজ কল্যাণ বিভাগৰ বুলি আমি এৰি দিলে নহ'ব। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্র দেশবাসীকে সুস্বাস্থ্যবান কৰিবলৈ সমাজখনক আগবঢ়াই নিবলৈ এনে পদক্ষেপ গ্ৰহণ কৰিছে৷ গতিকে ইয়াত আমি সকলোৱে সহযোগ কৰা উচিত৷ পুষ্টিহীনতা,ৰক্তহীনতা, শিশুৰ মৃত্যুৰ হাৰ আদি একেবাৰে নাইকীয়া কৰিবলৈ সমাজত সজাগতা আনিবই লাগিব। চাহ বাগিচা অঞ্চল সমূহত বিশেষ ব্যবস্থা ল'বলৈ আহ্বান জনোৱাৰ উপৰিও সাংসদগৰাকীয়ে ঘৰে ঘৰে সজাগতাৰ অভিযান চলাবলৈ চৰকাৰী বিভাগৰ লগতে আত্মসহায়ক গোটসমূহকো সহযোগ কৰিবলৈ আহ্বান জনায়।সাংসদগৰাকীয়ে প্ৰতি ঘৰতে পুষ্টিকৰ খাদ্য খোৱাৰ অভ্যাস কৰাৰ লগতে নিজৰ বাৰীত শাক পাচলি খেতি কৰাত গুৰুত্ব প্ৰদান কৰে৷ তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই অনুষ্ঠানত উপস্থিত থাকি সকলোকে সমানে স্বাস্থ্যবান কৰি আগবঢ়াই নিবলৈ পোষণ অভিযানৰ দৰে মহান কাৰ্যসূচী সফল কৰি তুলিবলৈ সকলোকে আহ্বান জনায়। তেতিয়াহে প্ৰধানমন্ত্ৰীৰ ভাইব্ৰেণ্ট সমাজ স্থাপন সম্ভব বুলিও তেওঁ কয়।জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে পোষণ অভিযান সফল কৰি তুলিবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে সকলো চৰকাৰী বিভাগক আন্তৰিকতাৰে সহযোগ কৰি জিলাখনক শীৰ্ষ স্থান পোৱাত সহায় কৰিবলৈ কয়৷ সভাত এডপ্ট এন অংগনৱাড়ী চেন্টাৰ, জৈৱিক কৃষি, ঔষধি উদ্ভিদ উদ্যান আদি বিষয়ে আলোচনা কৰা হয়৷ ৷উল্লেখ্য যে,মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰণালয়ে প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ অধীনত ১ ছেপ্তেম্বৰ ২০২২ তাৰিখৰ পৰা ৭ ছেপ্তেম্বৰ ২০২২ তাৰিখলৈকে সমগ্র দেশতে “মাত্ৰু বন্দনা সপ্তাহ” আৰু ১ ছেপ্তেম্বৰ ২০২২ তাৰিখৰ পৰা ৩০ ছেপ্তেম্বৰ ২০২২লৈকে, পোষণ অভিযানৰ অন্তৰ্গত “পোষণ মাহ” পালনৰ দিহা কৰিছে । অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰ আৰু সমাজ কল্যাণ বিষয়া ৰাজকুমাৰ কেডিয়াই আতঁ ধৰা সভাখনত অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন,স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, জনস্বাস্থ্য কাৰিকৰী, বনবিভাগ ,কৃষি বিজ্ঞান কেন্দ্র আদি চৰকাৰী বিভাগসমূহে অংশগ্রহণ কৰে।লগতে সভাত জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকল,খণ্ড উন্নয়ন বিষয়াসকল,সমাজ কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰী, শিশু উন্নয়ন প্ৰকল্প বিষয়াসকল, অংগনৱাড়ী কৰ্মী আদি উপস্থিত থাকে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગાંધીનગર ખાતે આજે ૧૨/૧૨/૨૦૨૨ ના રોજ શપથવિધિ સમારોહ નો LIVE..! કવરેજ
ગાંધીનગર ખાતે આજે ૧૨/૧૨/૨૦૨૨ ના રોજ શપથવિધિ સમારોહ નો LIVE..! કવરેજ
#sms...
10 हजार रुपये से कम में मिल रहा है ये जबरदस्त 5G फोन, कैमरा-डिस्प्ले हैं शानदार, 21 नवंबर तक है ऑफर
अगर आप 10 हजार रुपये से कम में एक नया स्मार्टफोन खरीदना चाहते हैं तो हम आपको Vivo T3 Lite 5G पर...
'जो लोग गए हैं…' Akhilesh Yadav ने Rajya Sabha Election Cross Voting पर SP MLA से क्या कहा?
'जो लोग गए हैं…' Akhilesh Yadav ने Rajya Sabha Election Cross Voting पर SP MLA से क्या कहा?
उपकारागृह में अचानक पहुंचे अधिकारी, बंदियों की ली गई तलाशी
कोटा. उपकारागृह सांगोद पर उपखंड अधिकारी रामावतार मीणा के निर्देशानुसार नरेंद्र नागर पुलिस उप...