সোণাৰিত বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে সোণাৰিতো অহা ৩ চেপ্তেম্বৰত অনুষ্ঠিত কৰা হ'ব অভিৰুচী ক্ৰীড়া দিৱস। অৰ্জুন বঁটা প্ৰাপক বিশিষ্ট ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন টোত ক্ৰীড়াপ্ৰেমী সকলে উদযাপন কৰিব অভিৰুচী ক্ৰীড়া দিৱস। ইয়াৰ পৰিপ্ৰেক্ষিতত এই দিৱসৰ লগত সংগতি ৰাখি সোণাৰিত আজিৰেপৰা আৰম্ভ কৰা হৈছে বেডমিণ্টন প্ৰতিযোগিতা। সোণাৰি ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা বেডমিণ্টন প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানটো আজি অনুষ্ঠিত কৰা হয়। সোণাৰি পৌৰসভাৰ উপ পৌৰপতি স্বাক্ষৰজ্যোতি গগৈয়ে শুভ উদ্বোধন কৰা প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰশান্ত দত্ত, সোণাৰিৰ পদ্মকুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হৰেন বৰফুকন, ক্ৰীড়াবিদ ইমদাদ হুছেইন, স্বপন কৰৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।