বঙাইগাঁও জিলাৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত এক সভাযোগে আজি জিলাখনৰ পশু সখী, কৃষি সখী, বেংক সখী, বীমা সখী, জীৱিকা সখীলৈ তেওঁলোকৰ কামত সহায়ক হোৱাকৈ একোখন স্কুটী প্ৰদান কৰা হয়।জীৱিকা সখীলৈ ইতিমধ্যে স্কুটী দিয়া হৈছে।
বাকীসকলৰ ভিতৰত ১৬১গৰাকী সখীক আজি ৩২নং বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী আৰু জিলা উপায়ুক্ত নবদ্বীপ পাঠকে আনুষ্ঠানিকভাৱে স্কুটীসমূহ বিতৰণ কৰে। অসম চৰকাৰে মহিলা সবলীকৰণৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ জৰিয়তে মহিলা আত্ম-সহায়ক গোটসমূহলৈ বিভিন্ন সহায় আগবঢ়াই আহিছে। গ্ৰাম্য মহিলাসকলৰ আত্ম-সহায়ক গোটসমূহে গ্ৰাম্য জীৱনৰ আৰ্থ-সামাজিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াই আহিছে। গ্ৰাম্য মহিলাসকলক পশু পালন, কৃষি, বেংকৰ কাম-কাজ বা বীমা বিষয়ক কাম-কাজৰ ক্ষেত্ৰত সহায় কৰিবলৈ যিসকল পশু সখী,কৃষি সখী,বেংক সখী আৰু বীমা সখীয়ে কাম কৰি আছে তেওঁলোকৰ কাম সহজ কৰিবলৈ বা যাতায়তৰ সুবিধা নথকা গাঁৱৰ মহিলাসকলৰ কাষত উপস্থিত হ'বলৈ এই স্কুটীয়ে উপকৃত কৰিব। এই মন্তব্য বিধায়ক ফণীভূষণ চৌধুৰীৰ।তেওঁ আৰু কয় যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেদৰে অসমখন ভাৰতৰ প্ৰথম ৫খন ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ়ি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে তেনেদৰে আমি বঙাইগাঁও জিলাখনকো অসমৰ ভিতৰত শ্ৰেষ্ঠ জিলা হিচাপে প্ৰতিপন্ন কৰিবলৈ কাম কৰিব লাগিব।অৱশ্যে বঙাইগাঁৱৰ আত্ম-সহায়ক গোটসমূহে আগবাঢ়ি গৈছে। উপায়ুক্ত নবদ্বীপ পাঠকে কয় যে জিলা অভিযান পৰিচালনা শাখা,বঙাইগাঁও জিলা পৰিষদ,অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত সখী এক্সপ্ৰেছ আঁচনিৰ জৰিয়তে সখীসকললৈ স্কুটীসমূহ বিতৰণ কৰা হৈছে।
আজিৰ স্কুটী প্ৰদান সভাত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰবন্ধক প্লৰাজ মুছাহাৰীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। সভাত ডাংতল উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰৌশনুৰ ৰহমান আহমেদ আৰু জীৱিকা সখীসকলৰ লগতে আন আন সখীসকল, আত্ম-সহায়ক গোটৰ সদস্যসকল আৰু বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।