আজি ইংৰাজী ০১-০৯-২০২২ তাৰিখ বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় পোষণ মাহ, ২০২২ ৰ লগত সংগতি ৰাখি সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে মাজুলী জিলাতো জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ উদ্যোগত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আনুষ্ঠানিকভাৱে জিলা পৰ্য্যায়ত ৰাষ্ট্ৰীয় পোষণ মাহ, ২০২২ ৰ শুভাৰম্ভ কৰা হয়। জিলা উপায়ুক্ত পুলক মহন্তৰ সঞ্চালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত শ্ৰী সঞ্জীৱ কুমাৰ ফুকন, সহকাৰী আয়ুক্তদ্বয় ভৰত কোঁৱৰ, সংগীতা বৰুৱা, খণ্ড উন্নয়ন বিষয়া সকল, স্বাস্থ্য, শিক্ষা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জিলা মুৰব্বী সকল, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়া কৰ্মচাৰী সকল, গাওঁ পঞ্চায়তৰ সভাপতি আৰু সচিৱ সকল, বিশিষ্ট সমাজ কৰ্মী সকল আৰু সন্মানীয় সাংবাদিক সকল। জিলা উপায়ুক্তই অনুষ্ঠানটো বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰাৰ পিছত উদ্দেশ্য ব্যাখ্যা কৰে সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া শ্ৰী দেৱ নাৰায়ণ হাজৰিকাই। জিলা উপায়ুক্তই অনুষ্ঠানটো শুভাৰম্ভ কৰি কয় যে, আমি এখন সুস্থ ভাৰত গঢ়িবলৈ হ’লে প্ৰথমে নাৰী সকলক সৱলীকৰণ কৰিব লাগিব। নাৰী সৱলীকৰণে এগৰাকী শিশুক স্বাক্ষৰ আৰু ভৱিষ্যতে সু-নাগৰিক হোৱাত সহায় কৰে। এই বৰ্ষৰ ৰাষ্ট্ৰীয় পোষণ মাহ, ২০২২ ৰ মূল বিষয়বস্তু হৈছে সৱল নাৰী, স্বাক্ষৰ শিশু আৰু সুস্থ ভাৰত। পোষণ মাহ, ২০২২ ৰ লগত সংগতি ৰাখি এইবাৰ জিলাখনত প্ৰতিটো অংগনবাদী কেন্দ্ৰতেই পুষ্টি বাগিচা স্থাপন কৰা হ’ব বুলি জিলা উপায়ুক্তই মত প্ৰকাশ কৰে। এখন সুস্থ ভাৰত গঢ়িবলৈ প্ৰথমে শিশু সকলক পুষ্টিহীনতাৰ পৰা দূৰ কৰাটো অতিকৈ প্ৰয়োজন আৰু তাৰ বাবে থলুৱাভাৱে উপলব্ধ সেউজীয়া শাক-পাচলি, ফল-মূল, আহাৰ শিশুৰ বাবে অতিকৈ প্ৰয়োজন বুলি জিলা উপায়ুক্তই মত প্ৰকাশ কৰে। তাৰোপৰি অংগনবাদী কেন্দ্ৰসমূহ অধিক সৱল আৰু শক্তিশালী ৰূপত গঢ়ি তুলাৰ লক্ষ্যৰে এই কেন্দ্ৰসমূহ ইচ্ছুক ব্যক্তি আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ দ্বাৰা পৰিগ্ৰহণ (Adoption) কৰিবলৈ আহ্বান জনায়। 

       পোষণ অভিযানৰ জিলা সমন্বয়ক শ্ৰী মনজ্যোতি গোস্বামীয়ে ৰাষ্ট্ৰীয় পোষণ মাহ, ২০২২ ৰ লগত সংগতি ৰাখি জিলাখনত আগন্তুক মাহত বিভিন্ন বিভাগৰ সহযোগত গ্ৰহণ কৰিবগলা কাৰ্যসূচীৰ বিষয়ে চমুকৈ উপস্থাপন কৰে। এই বৰ্ষৰ পোষণ মাহৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰিবগলা কাৰ্যূচীসমূহ হৈছে পোষণ পঞ্চায়ত, পোষণ ভাটিকা আৰু এনিমিয়া প্ৰতিকাৰৰ বাবে T3 (Test, Treat, Talk) ৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। লগতে জিলাখনৰ সকলো অংগনবাদী কেন্দ্ৰত উপলব্ধ খোৱা পানীৰ পৰীক্ষা কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক দায়িত্ব অৰ্পণ কৰা হৈছে।ইয়াৰোপৰি সম্প্ৰদায় আধাৰিত অনুষ্ঠান, ৰন্ধন প্ৰকৰণ প্ৰতিযোগিতা, শিশুৰ বৃদ্ধি নিৰীক্ষণ আৰু যোগ আদি কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। ইয়াৰ পিছতে অতিৰিক্ত উপায়ুক্ত শ্ৰী সঞ্জীৱ কুমাৰ ফুকনে (সমাজ কল্যাণ বিভাগ) উপস্থিত সকলোকে শলাগৰ শৰাই আগবঢ়াই আগন্তুক পোষণ মাহ, ২০২২ ৰ সফলভাৱে ৰূপায়ণৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰে