বৃহস্পতিবাৰে পুৱাই ডুমডুমা সমষ্টিৰ ৬ গৰাকী জটিল ৰোগীক মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ চেক বিতৰণ কৰে বিধায়ক ৰূপেশ গোৱালাই ।
সমষ্টিটোৰ আৰ্থিকভাৱে দুৰ্বল কৰ্কট ,হৃদৰোগ আদিৰ দৰে জটিল ৰোগত আক্ৰান্ত ৬ গৰাকী ৰোগীক উন্নত চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি ২০২২-২০২৩ বৰ্ষৰ পুঁজিৰ দ্বাৰা মুঠ ১ লাখ ৬৭ হাজাৰ টকাৰ চেক বিতৰণ কৰে বিধায়ক গৰাকীয়ে ।