ডিব্ৰুগড়ঃ সমগ্ৰ ৰাজ্যতে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ বাগিচাত উৎপাদিত কেঁচা চাহপাতৰ মূল্য যথেষ্ট নিম্নগামী হোৱা বুলি বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাত বিষয়টো দৃষ্টিগোচৰ হয় ৰাজ্যৰ উদ্যোগ মন্ত্ৰী বিমল বৰাৰ। বিষয়টো সন্দৰ্ভত আজি মন্ত্ৰী বিমল বৰাই ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত জিলা প্ৰশাসনৰ মুৰব্বী, উন্নয়ন বিষয়া,সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধি, বটলিফ ফেক্টৰী সন্থা আৰু ভাৰতৰ চাহ বৰ্ডৰ বিষয়াসকলৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয়।

ডিব্ৰুগড় জিলা উপায়ুক্ত ভিডিঅ' কনফাৰেন্সিং হলত আয়োজিত সভাত উদ্যোগ মন্ত্ৰী বিমল বৰাই ডিব্ৰুগড় জিলাৰ লগতে ৰাজ্যখনৰ ওঠৰখন জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধিৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি সমস্যাৰ বুজ লয় আৰু কেঁচা চাহপাতৰ মূল্যৰ বুজ লয়। ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধি সকলে গুণগত মানৰ কেঁচা চাহপাতৰ মূল্য ডিব্ৰুগড় জিলাখনৰ লগতে অনান্য জিলাত ২৫-৩০ টকা পৰ্যন্ত লাভ কৰিছে বুলি প্ৰকাশ কৰে। ইফালে সাধাৰণ মানৰ কেঁচা চাহপাতৰ মূল্য ১৪-১৬ টকা পৰ্যন্ত হৈছেগৈ বুলি মন্ত্ৰী গৰাকীক অৱগত কৰে।

এইক্ষেত্ৰত বটলিফ ফেক্টৰী সন্থাৰ প্ৰতিনিধিক ক্ষুদ্ৰ চাহ খেতিয়ক সকলক উচিত মূল্য প্ৰদান কৰিবলৈ মন্ত্ৰী বিমল বৰাই পৰামৰ্শ দিয়ে। কেঁচা চাহপাতৰ উচিত মূল্য প্ৰদানৰ ব্যৱস্থা কৰিবলৈ প্ৰতিমাহৰ প্ৰথম সপ্তাহত জিলা উপায়ুক্ত কাৰ্যালয়ত জিলা পৰ্যায়ৰ মূল্য নিৰীক্ষণ সমিতিৰ বৈঠক অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিবলৈ জিলা উপায়ুক্ত নিৰ্দেশ দিয়ে।

উদ্যোগ মন্ত্ৰী বিমল বৰাৰ পৌৰহিত্যত অনুষ্ঠিত আজিৰ সভাত ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, উন্নয়ন আয়ুক্ত সঞ্জয় দত্ত, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উপ সভাপতি ৰোহিত কাকতি, সহকাৰী সম্পাদক প্ৰশান্ত ভূঞা, ভাৰতীয় চাহ বৰ্ডৰ ডিব্ৰুগড় কাৰ্যালয়ৰ উপ সঞ্চালক ৰামেশ্বৰ কুজুৰ, উন্নয়ন বিষয়া সুশান্ত কৰ্মকাৰ, বটলিফ ফেক্টৰী সন্থাৰ বিষয়ববীয়া উপস্থিত থাকে।