আমগুৰিত বিশেষ চৰ্চালৈ আহিছে দহ গৰাকী শিক্ষিত যুৱক-যুৱতী : দাঙি ধৰিছে স্বাৱলম্বীতাৰ বিৰল নিদৰ্শন

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं

আমগুৰিত বিশেষ চৰ্চালৈ আহিছে দহ গৰাকী শিক্ষিত যুৱক-যুৱতী : "ফ্ৰেণ্ডছ এগ্ৰ' চেলফ হেল্প গ্ৰুপ" খুলি দাঙি ধৰিছে স্বাৱলম্বীতাৰ বিৰল নিদৰ্শন যি সময়ত বহু শিক্ষিত যুৱক-যুৱতীয়ে এটা চৰকাৰী চাকৰীৰ বাবে সাবাথুৰি খাইছে তেনে সময়তে দহ গৰাকীকৈ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে দাঙি ধৰিছে স্বাৱলম্বীতাৰ এক বিৰল নিদৰ্শন ॥ বৰ্তমান সময়ত দেখা যায় অধিকাংশ শিক্ষিত যুৱক-যুৱতীয়ে কেৱল এটা চৰকাৰী নাইবা বেচৰকাৰী চাকৰীৰ বাবে বাটচাই ৰৈ থাকে ॥ এওঁলোকলৈ মন কৰক, এওঁলোক হৈছে শিৱসাগৰ জিলাৰ আমগুৰিৰ বৃহত্তৰ নামতি অঞ্চলৰ বিভিন্ন প্ৰান্তৰৰ দহ গৰাকী কৈ শিক্ষিত যুৱক-যুৱতী ॥ এওঁলোক একত্ৰিত হৈ ২০২০ চনত জন্ম দিছিল "ফ্ৰেণ্ডছ এগ্ৰ' চেলফ হেল্প গ্ৰুপ" নামৰ এটা অনুষ্ঠান ॥ এই গ্ৰুপৰ সদস্য সকলৰ উদ্দেশ্য এটাই আছিল প্ৰথমে উৎপাদন মুখীৰে স্বাৱলম্বী হৈ সমাজৰ অসহায়, দৰিদ্ৰক সকাহ প্ৰদান কৰা ॥ সেই মহৎ উদ্দেশ্য আগত ৰাখিয়েই এই গ্ৰুপটোৱে প্ৰথমতে আমগুৰিৰ নামতি চাৰি আলিত প্ৰায় সাত বিঘা মাটিত ফিচাৰী খান্দি মৎস্য পালন আৰম্ভ কৰে ॥ তাৰ পিছতেই প্ৰায় ৩৭ বিঘা মাটিত চাহ পুলিৰ লগতে প্ৰায় ২৫০০০ (পঁচিশ হাজাৰ) মুল্যৱান সাঁ‌চি পুলি ৰূপণ কৰে ॥ ফিচাৰীৰ পাৰে পাৰে কেইবা শতাধিক কলপুলি ৰূপন কৰাৰ লগতে বিভিন্ন শাক পাচলিৰ খেতিও আৰম্ভ কৰে ॥ তদুপৰি অৰ্ধ শতাধিক ছাগলী পালন কৰাৰ লগতে ছাগলীৰ বাবে ৰূপন কৰিছে ঘাঁহ ॥ এইদৰে ক্ৰমান্বয়ে এই গ্ৰুপটোৰ সদস্য সকলৰ অশেষ শ্ৰমে সাৰ্থকতা পাবলৈ ধৰিলে ॥ এখোজ এখোজকৈ আগুৱাই গল এই গ্ৰুপটো ॥ মাত্ৰ তিনিটা বছৰ সম্পূৰ্ণ নহওঁতেই নিজৰ শ্ৰম আৰু একাগ্ৰতাৰ বিনিময়ত উৎপাদনৰ লাভাংশ পোৱা এটা অংশৰে সমাজৰ হিতৰ হকে ব্যয় কৰিবলৈ আৰম্ভ কৰে ॥ চাকৰিৰ আশাতেই হাত সাৱটি বহি নাথাকি মন-মগজুত কিছু চিন্তাৰ পৰিৱৰ্ত্তন ঘটালেই যে জীৱনত কৃতকাৰ্যতা লাভ কৰিব পাৰি সেইয়া প্ৰমাণ কৰি দেখুৱালে নামতিৰ "ফ্ৰেণ্ডছ এগ্ৰ' চেলফ হেল্প গ্ৰুপে" ॥