কামৰূপ জিলাৰ বৰবংশৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ এজেণ্টৰ বিৰুদ্ধে সুলভ মূল্যৰ চাউল চোৰাংভাৱে বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এজেণ্ট তুবুল আহমেদে ৷ আলিপূব গাঁৱৰ এজেণ্টগৰাকীয়ে চাউল চুৰিৰ অভিযোগত তেওঁৰ নামটো সাঙুৰ খাই পৰাত আশ্চৰ্য প্ৰকাশ কৰি এয়া এক গভীৰ ষড়যন্ত্ৰ বুলি উল্লেখ কৰে ৷ তুবুল আহমেদে নিজৰ সুলভ মূল্যৰ দোকানৰ চাউল হিতাধিকাৰীৰ মাজত সঠিকভাৱে বিতৰণ কৰি অহা বুলি দৃঢ়তাৰে উল্লেখ কৰি ধৃত চাউলৰ গাড়ীখনৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই বুলি মন্তব্য প্ৰকাশ কৰে ৷