আজি ঈদৎযোহা।মঙ্গলদৈত মহিলা নামাজ ।মঙ্গলদৈত মহিলাৰ সমূহিয়া নামাজৰ পৰম্পৰা আৰু ৰক্ষণশীলতা পৰিহাৰ কৰি ওলাই আহিল মহিলা ।আজি পবিত্ৰ ঈদৎযোহা।আজি সকলো ইছলাম ধৰ্মালম্বী লোকে পালন কৰিছে পবিত্ৰ ঈদ । পবিত্ৰ ঈদৰ দিনটোত দৰং জিলাৰ সদৰ মঙলদৈত দেখিবলৈ পোৱা গল মহিলা নামাজ ।পুৰুষৰ সমানে ওলাই আহিল মহিলা সকলো । মঙলদৈৰ বান্দিয়া ঈদগাহ ময়দানত মহিলা সকলে সমূহীয়া ভাবে নামাজত অংশগ্ৰহণ। পুৰুষৰ ধৰ্মান্ধতা আতৰাই পুৰুষৰ নামাজীৰ সৈতে একেলগে নামাজ আদা কৰিলে মহিলা সকলেও। এই বন্দীয়া অঞ্চলত বিগত বছৰ সমূহৰ দৰে এইবাৰো ঈদৰ দিনটোত সমূহীয়া ভাবে নামাজ আদা কৰে মহিলা সকলে।
মঙ্গলদৈৰ বান্দিয়া গাঁৱৰ বান্দিয়া ইদগাহ ময়দানত দহ খন গাঁৱৰ মহিলাই 1998 চনৰ পৰা প্ৰতি বাৰৰ দৰে এইবাৰো ঈদ উপলক্ষে মহিলা সকলে নামাজত অংশগ্ৰহণ কৰে ।বাঘপৰি, অগলাচৰ, মধুচৰ, বান্দিয়াকে ধৰি প্ৰায় দহ খন গাৱঁৰ মহিলাকলে একেলগে পৰ্দাৰ মাজত নামাজ আদা কৰা দেখা গল।