ইষ্ট চিয়াং, ৩১ আগষ্ট। উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশলৈ প্ৰসাৰিত হৈছে পতঞ্জলিৰ ঔদ্যোগিক ক্ষেত্ৰ। বুধবাৰে অৰুণাচলৰ ইষ্ট চিয়াং জিলাৰ নিগলকত পতঞ্জলিৰ তৈল খেজুৰ(পাম) তেল সংশাধন উদ্যোগৰ আধাৰ শিলা স্থাপন কৰা হয়৷ এই উপলক্ষে আয়োজিত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত পতঞ্জলি যোগ পীঠৰ আচাৰ্য বালকৃষ্ণ আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী বৰ্গৰ লগতে কেন্দ্ৰীয় আৰু অৰুণাচল চৰকাৰৰ বিষয়াবৰ্গসকল উপস্থিত থাকে৷

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে পাম বা তৈল খেজুৰৰ কৃষি আৰু উৎপাদিত তৈল উদ্যোগৰ ওপৰত আত্মনিৰ্ভৰ ভাৰত অভিযানত গুৰুত্ব আৰোপ কৰিছে৷ মিজোৰামত তৈল খেজুৰৰ খেতিৰ পাছত ইয়াক সম্প্ৰসাৰণ কৰা হৈছে পূৱৰ প্ৰদেশ অৰুণাচললৈ৷ নিগ’লকৰ ৪০ হাজাৰ হেক্টৰ ভূমি অৰুণাচল চৰকাৰে ৰামদেৱৰ পতঞ্জলিক অৰ্পন কৰিছে৷ পাচিঘাটৰ সমীপৰ এই সমতল ভূমিত বুধবাৰে পতঞ্জলিৰ আচাৰ্য বালা কৃষ্ণই ভূমিপূজনৰ দ্বাৰা পাম তেল সংশাধন উদ্যোগৰ আধাৰশিলা স্থাপন কৰে৷

এই উপলক্ষে অনুষ্ঠিত আড়ম্বৰ পূৰ্ণ অনুষ্ঠানত পূৱ চিয়াং জিলাৰ তিনিগৰাকী বিধায়কৰ ক্ৰমে নিনং ইৰিং, লম্বো টায়ে আৰু সাংসদ টাপিৰ গাঁৱৰ পত্নীৰ উপৰি অৰুণাচল ৰাজ্য চৰকাৰৰ উদ্যোগ বাণিজ্য মন্ত্ৰীৰ লগতে বিভাগীয় সচিব আৰু কৃষি দপ্তৰৰ মন্ত্ৰী টাগে টাকে উপস্থিত থাকে৷ অনুস্থানত ভাৰত চৰকাৰৰ কৃষি আৰু সংশাধন উদ্যোগৰ যুটীয়া সচিব শোভা ঠাকুৰেও অংশগ্ৰহণ কৰে৷ স্মৰ্ত্তব্য যে পতঞ্জলিয়ে উঃপূৱৰ সাত খন ৰাজ্যৰ পা্ঁচ লাখ হেক্টৰ ভূমিত তৈল খেজুৰৰ খেতি কৰিব৷

উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ ভিতৰতে কৃষি বৈচিত্ৰ্যৰে ভৰা পূৱ চিয়াং জিলা৷ পূৱ চিয়াং জিলাৰ পাচিঘাট, ৰুকচিন, নিগ’লক আদি অঞ্চল কৃষি ক্ষেত্ৰৰ মূল আধাৰ হিচাপে চিহ্নিত৷ এই অঞ্চলৰ সমতল ভূমিত বিভিন্ন ধৰণৰ উদ্যান শস্যৰ লগতে কৃষিকৰ্মৰ দ্বাৰা কৃষক সকল স্বাৱলম্বী৷ আনহাতে পাচিঘাট আৰু ইয়াৰ উপকণ্ঠ অঞ্চল পাম খেতিৰ বাবে অধিক উৰ্বৰ ভূমি হিচাপে চিহ্নিত৷