ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ  জিলিকিল গোলাঘাট জিলাৰ ধনশিৰি মহকুমা। 
পশ্চিমবংগৰ চিত্তৰঞ্জন জিলাত অনুষ্ঠিত সপ্তম ৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰিছিল মহকুমাটোৰ ২৩ গৰাকী খেলুৱৈয়ে।  মহকুমাৰটোৰ বৰপথাৰ, সৰুপথাৰ, উৰিয়ামঘাটৰ অতি ভিতৰুৱা অঞ্চলৰ পৰা যোৱা  খেলুৱৈ সকলে  সফলতা আঁজুৰি আনিবলৈ সক্ষম হৈছে। উল্লেখ্যোগ্য যে  অসমক প্ৰতিনিধিত্ব কৰি প্ৰতিযোগিতাত অংশ গ্রহণ কৰা ২৩ গৰাকী খেলুৱৈৰভিতৰত ৫ গৰাকীয়ে সোণৰ, ৮ গৰাকীয়ে ৰূপৰ আৰু ১০ গৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰে।
ইপিনে ধনশিৰি মহকুমাৰ নানচেং চিৰিঙে  বেষ্ট ফাইটাৰৰ খিতাপ অর্জন কৰিবলৈ সক্ষম হয়।
দলটোৰ প্ৰশিক্ষক  হিচাপে গৈছিল গোলাপ দৈমাৰী।

আজি  খেলুৱৈ সকলক বৰপথাৰ হাইস্কুল তিনিআলিত আদৰণি জনাই মহকুমাটোৰ বিভিন্ন ব্যক্তি তথা দল সংগঠনে।