বৰহাটত বন বিভাগৰ লগত গোপন বুজাবুজিত দিল্লীঘাটৰ দিচাঙত অবাধ গতিত একাংশ শিল ব্যৱসায় চলাইছে ৰমৰমীয়া ব্যৱসায়

  চৰাইদেউ জিলাৰ বৰহাট আঞ্চলিক বন কাৰ্য্যালয়ৰ অন্তৰ্গত দিল্লীঘাট খণ্ড বন কাৰ্য্যালয় তথা নামৰূপ খণ্ড বন কাৰ্যালয় সমীপৰ দিল্লীঘাট দলঙৰ দিচাং নদীত অবাধ গতিত অবৈধ ভাবে নিতৌ প্ৰায় ২০খন নাওৱে শিল সংগ্ৰহ কৰি একাংশ শিল ব্যৱসায়ীয়ে দিল্লীঘাট খণ্ড বন বিভাগৰ কাৰ্যালয় তথা নামৰূপ খণ্ড বন কাৰ্যালয় তেনেই কাষতে নাওৱে শিল নিয়া কাৰ্যত টাইপা চৰাইদেউ জিলা সমিতিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। উল্লেখ্য যে দুটা খণ্ড বন কাৰ্যালয়ৰ কাষতে একাংশ শিল ব্যৱসায়ীয়ে অবাধ গতিত শিল নি থকাৰ পাছতো বন বিভাগে চকুমুদা কুলিৰ ভাও ধৰিছে বুলি সচেতন ৰাইজে কৈছে।চৰাইদেউ জিলাৰ বৰহাট আঞ্চলিক বন বিভাগৰ দিল্লীঘাট খণ্ড বন বিভাগ তথা নামৰূপ বন বিষয়া-কৰ্মচাৰীৰ লগত মিতিৰালি পাতি একাংশ শিল ব্যৱসায়ীয়ে অবাধ গতিত শিল নাৱৰে কঢ়িয়াই নিয়াৰ ফলত ডিব্ৰুগড় জিলাৰ লগত সংযোগী পূব দিশত ক্ৰমান্বয়ে গৰা খহনীয়া সৃষ্টি হৈছে।উল্লেখ্য যে দিচাঙৰ দুয়োপাৰে বৰহাট-নামৰূপ দুখন খণ্ড বন কাৰ্যালয় থকাৰ পাছতো অবৈধ শিল ব্যৱসায়ীয়ে অবাধ গতিত কেনেকৈ নাৱেৰে দলঙৰ কাষৰ পৰা শিল কঢ়িয়াব পৰাটো এক ৰহস্য ।