দীৰ্ঘদিনে নিজকে সেনা বিষয়াৰূপে পৰিচয় দি অহা এটা প্ৰৱঞ্চকক সেনা বাহিনীৰ সহযোগত আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে৷ তেজপুৰ শ'লমৰাৰ জীয়াবুল ইছলাম নামৰ এই ভুৱা সেনা বিষয়া গৰাকীয়ে সঁচা সেনা বিষয়াৰ দৰে আদৱ-কায়দাৰে দীৰ্ঘদিন ধৰি অঞ্চলটোত একপ্ৰকাৰ সন্ত্ৰাস চলাই আহিছিল৷ এসময়ত সমীপৰ শ'লমৰাস্হিত সেনা চাউনীত কোনো সেনা বিষয়াৰ ঘৰত ৰান্ধনীৰ কাম কৰাৰ সুবাদতে সেনা চাউনীলৈ যাতায়ত কৰাৰ বাবে লাভ কৰিছিল অনুমতিপত্ৰ তথা GATE PASS৷ সেই সূত্ৰে দুই-এক বিষয়াৰে চিনাকী হোৱাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি বপুৰাই নিজকে সেনা বাহিনীৰ মেজৰ-কৰ্ণেল বুলি ভাবিবলৈ ল'লে৷ বিলাসী বাহনত ON ARMY DUTY ষ্টীকাৰ লগাই আনকি বিভিন্ন স্হানত সেনা বিষয়াৰূপে ঘূৰি ফুৰাৰ খবৰ লাভ কৰে সেনা বাহিনীৰ চোৰাংচোৱাই৷

অৱশেষত শনিবাৰৰ দিনটো বপুৰাৰ বাবে বেয়া আছিল৷ শনি লাগিল শনিবাৰৰ দিনটোত৷ সেনা বাহিনীৰ তৰফৰ পৰা স্হানীয় শালনিবাৰী আৰক্ষী চকীত দিয়া হ'ল অভিযোগ৷ এই অভিযোগৰ ভিত্তিতে সেনা বাহিনীৰ সহযোগত জীয়াবুলক আটক কৰা হয় আৰু জীয়াবুলক লগত লৈ বাসগৃহত চলোৱা তালাচীত নিজৰ নাম সন্নিবিষ্ট পোছাকৰ লগতে সেনা বাহিনীৰ পোছাক পৰিহিত ফটো আৰু কেতবোৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে৷ আৰক্ষীয়ে জীয়াবুলৰ AS 01 DR 2207 নম্বৰৰ বিলাসী বাহনখনো জব্দ কৰিছে৷

আৰক্ষীয়ে সম্প্ৰতি ভুৱা সেনা বিষয়া গৰাকীক জেৰা চলাই আছে।