ডিব্ৰুগড়ঃ বিদ্যালয়ত অনিয়মীয়া উপস্থিত থকা ১১ জন শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিলে ডিব্ৰুগড় জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শিকা দীপিকা চৌধুৰীয়ে। ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতক লৈ হেতালি খেলা শিক্ষকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ বাবে ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশনাৰ পিছতে ডিব্ৰুগড় জিলাতো বিদ্যালয়ত অনিময়মীয়া উপস্থিত থকা শিক্ষকৰ বিৰুদ্ধে কঠোৰ হৈছে জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকে।
বিদ্যালয়ত অনিয়মীয়া উপস্থিতি আৰু পাঠদান কৰা শিক্ষকৰ বিৰুদ্ধে জিলাখনৰ কেইবাজনো শিক্ষকৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে বিদ্যালয়সমূহৰ পৰিদৰ্শিকা দীপিকা চৌধুৰীয়ে। জিলাখনৰ সাতখন শিক্ষা খণ্ডৰ অন্তৰ্গত ১১ জনকৈ শিক্ষকলৈ পৰিদৰ্শিকা দীপিকা চৌধুৰীয়ে প্ৰেৰণ কৰিছে কাৰণ দৰ্শোৱাৰ জাননী। বিশেষকৈ জিলাখনৰ সাতখন শিক্ষা খণ্ডৰ অধীনস্থ ১১ জনকৈ শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।
বিদ্যালয়ত অনিয়মীয়া উপস্থিতি, সময়মতে বিদ্যালয়ত উপস্থিত নথকা আৰু বিদ্যালয় খোলাৰ সময়ত পাঠদান কৰি আধাতে শিক্ষানুষ্ঠান এৰা আদিৰ অভিযোগসমূহৰ সন্দৰ্ভতে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে বিদ্যালয়সমূহৰ পৰিদৰ্শিকা দীপিকা চৌধুৰীয়ে। ইয়াৰ খোৱাং শিক্ষা খণ্ডৰ অন্তৰ্গত এখন বিদ্যালয়ৰ শিক্ষকক নিলম্বন কৰা বুলি জনাইছে বিদ্যালয়সমূহৰ পৰিদৰ্শিকা দীপিকা চৌধুৰীয়ে।
উল্লেখযোগ্য যে, ডিব্ৰুগড় জিলাৰ বহুকেইখন চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে আছে বিদ্যালয়ত অনিয়মীয়া উপস্থিতি আৰু অনিয়মীয়া পাঠদানৰ অভিযোগ। যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা পয়ালগা ৰূপ লৈছে। দীৰ্ঘদিনৰ পৰা উত্থাপিত অভিযোগসমূহৰ সন্দৰ্ভত জিলাখনৰ ১১ জনকৈ শিক্ষকৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা বুলি প্ৰকাশ কৰিছে। তদুপৰি শীঘ্ৰে এইকেইগৰাকী শিক্ষকক শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰো প্ৰস্তুতি চলাই থকা বুলি জানিবলৈ দিছে বিদ্যালয়সমূহৰ পৰিদৰ্শিকা দীপিকা চৌধুৰীয়ে।