সোণাৰিত ড্ৰাগছ আসক্তই অপহৰণ কৰা শিশু উদ্ধাৰ কৰিলে আৰক্ষীয়ে।সোণাৰিত চাঞ্চল্যকৰ ঘটনা

 ড্ৰাগছ আসক্তই অপহৰণ কৰিলে পাঁচ বছৰীয়া কণমানি। 

অপহৃত শিশুটিক বিচাৰি মাজনিশা উত্তপ্ত হ'ল সোণাৰি ।

আৰক্ষীৰ তৎপৰতাত অপহৃতৰ হাতৰপৰা মুকলি হৈ সোণাৰি আৰক্ষী থানাত উদযাপন কৰিলে জন্মদিন।

জানিব পৰা মতে সোণাৰি নগৰৰ নেকিব আলি নামৰ এটা পাষণ্ডই অপহৰণ কৰি লৈ গৈছিল চাৰিবছৰীয়া কণমানিটিক।

এই সন্দৰ্ভত সোণাৰি আৰক্ষীক খবৰ দিয়াত স্থানীয় ৰাইজৰ সহযোগত বিচাৰ-খোচাৰ কৰা লগতে চিচি টিভিৰ ফুটেজ চাই অৱশেষত কণমানিটোক উদ্ধাৰ কৰে অপহৰণকাৰীৰ কৱলৰপৰা।

ইফালে স্থানীয় লোকে উত্তম মাধ্যম দি সোণাৰি আৰক্ষীক চমজাই দিয়া অপহৰণকাৰী নেকিবক নিশাই সোণাৰি আৰক্ষীয়ে আটক কৰি থানালৈ লৈ আহে ।

মন কৰিবলগীয়া যে আজি পাঁচ বছৰীয়া জন্মদিন থকাত নিশা বাৰ বজাত সোণাৰি আৰক্ষী থানাতে আৰক্ষীয়ে উদযাপন কৰে কণমানিটোৰ জন্মদিন ।