এইবাৰ ঠগ প্ৰৱঞ্চনা কৰি ৰঙা ঘৰৰ আলহী হল‌ এগৰাকী চৰকাৰী শিক্ষক । যৌতুকৰ দাবীত নিজৰ পত্নীক শাৰীৰিক, মানসিক নিৰ্যাতন কৰি জেললৈ যাবলগীয়া হল ৰৌশ্বন মাহমুদ নামৰ খাৰুপেটীয়াৰ এজন শিক্ষক।

 জানিব পৰা মতে‌ খাৰুপেটীয়া নগাজানৰ বাসিন্দা আৰু ঢেকীয়াজুলীত চৰকাৰী শিক্ষক হিচাপে কৰ্মৰত জাহাঙ্গীৰ ৰৌশ্বন মাহমুদ নামৰ শিক্ষক জনে প্ৰায় ডেৰ বছৰ পূৰ্বে লালপুলৰ মধুপুৰ গাঁৱৰ এগৰাকী উচ্চ শিক্ষিতা ছোৱালীক বিয়া পাতে । বিয়া পতাৰ ৬ মাহ পিছৰে পৰা শিক্ষক জনে যৌতুকৰ নামত ছোৱালী পক্ষৰ পৰা চুইফ্ট ডিজায়াৰ বাহন দাবী কৰি নিজৰ পত্নীৰ ওপৰত আৰম্ভ কৰে শাৰীৰিক, মানসিক নিৰ্যাতন । ইফালে কিছুদিন পূৰ্বে শিক্ষক জনে নতুনকৈ ছোৱালী এজনীক বিয়া পাতি ঘৰত অনাত সৃষ্টি হয় এক হুলুস্থুলীয়া পৰিবেশ । ভুক্তভোগী পত্নীয়ে এই সন্দৰ্ভত প্ৰশ্ন কৰাত তাইক মাৰ-পিট কৰি ঘৰৰ পৰা উলিয়াই দিয়ে। অভিযোগ অনুসৰি, প্ৰথমা জনীক বিয়া কৰাৰ পূৰ্বেই দ্বিতীয়া পত্নীৰ‌ সৈতে ন্যায়ালয়ত পঞ্জীয়ন কৰাই লৈছিল প্ৰৱঞ্চক ৰৌশ্বন মাহমুদে । পূৰ্বৰ‌ কথা এন্ধাৰত ৰাখি বিয়া পাতিছিল ভুক্তভোগী ছোৱালী জনীক । ছোৱালীজনীৰ এজাহাৰৰ ভিত্তিত দলগাওঁ আৰক্ষীয়ে ঢেকীয়াজুলিৰ পৰা আটক কৰে লম্পট শিক্ষক জনক । আজি দলগাঁও থানাৰ আৰক্ষীয়ে 259/22 নম্বৰৰ গোচৰৰ ভিত্তিত জেললৈ প্ৰেৰণ কৰে ।