মুম্বাই, ৩০ আগষ্ট। অভিনেতা কমল ৰছিদ খান ওৰফে কেআৰকেক গ্ৰেপ্তাৰ মালাদ আৰক্ষীৰ।  

২০২০ চনৰ পুৰণি টুইট গোচৰৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হয় কেআৰকেক। শিৱসেনাৰ কৰ্মী ৰাহুল কানালে মালাদ আৰক্ষী থানাত কেআৰকেৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। কেআৰকে তেওঁৰ টুইটাৰ হেণ্ডেলৰ পৰা একাংশ অভিনেতাৰ বিষয়ে আপত্তিজনক মন্তব্য কৰিছিল। এই সন্দৰ্ভত ৰাহুল কানালে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। কেআৰকে তেতিয়াৰ পৰা দেশৰ বাহিৰত পলাতক অৱস্থাত আছিল। কিন্তু আৰক্ষীয়ে কেআৰকেক দেশলৈ তলৱ কৰি লুকআউট চাৰ্কুলাৰ জাৰি কৰিছিল। সোমবাৰে নিশা, কেআৰকেক মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আটক কৰি মালাদ আৰক্ষীক গতাই দিয়া হয়। কেআৰকে চলচ্চিত্ৰ অভিনেতা শ্বাহৰুখ খান আৰু চলমান খানৰ বিষয়ে আপত্তিজনক মন্তব্য কৰিছিল।