কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ চি বি আইৰ ৰোষত পৰিছে এইবাৰ অসম যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত। বহু কোটি টকাৰ সাৰদা কেলেংকাৰীৰ গোচৰত চি বি আইয়ে চমন জাৰি কৰিছে কংগ্ৰেছ নেত্ৰীগৰাকীক।
প্ৰয়াত জ্যেষ্ঠ কংগ্ৰেছী নেতা অঞ্জন দত্তৰ কন্যা অংকিতা দত্তক অহা ৩ ছেপ্তেম্বৰত আলিপুৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হ’বলৈ কোৱা হৈছে।
জানিব পৰা মতে, ‘দৈনিক বাতৰি’ কাকতলৈ সাৰদা গোটে ধন যোগান ধৰাৰ অভিযোগত চি বি আইয়ে চম জাৰি কৰিছে অংকিতা দত্তক।
উল্লেখ্য যে অংকিতা দত্তৰ পিতৃ প্ৰয়াত অঞ্জন দত্তকো ২০১৪ চনত একেটা গোচৰতে চি বি আইয়ে সোধা-পোছা কৰিছিল।
 
  
  
  
   
   
  