মাজুলীৰ সু- সন্তান, অসম সাহিত্য সভাৰ উপ- সভাপতি, প্ৰসিদ্ধ সাহিত্যিক, গণশিল্পী, নাট্যকাৰ , লোক- সংস্কৃতিৰ গৱেষক তৰুণ চন্দ্ৰ পামেগামৰ ৩৮ সংখ্যক মৃত্যু বাৰ্ষিকী আজি গড়মূৰত কেন্দ্ৰীয় ভাৱে পালন কৰা হয় । মৃত্যু বাৰ্ষিকী উপলক্ষে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত নিৰ্মাণ কৰা তৰুণ চন্দ্ৰ পামেগামৰ বৃহৎ প্ৰতিমূৰ্তি আজি উন্মোচন কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পৰমানন্দ চায়েঙীয়াই । গড়মূৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত নিৰ্মাণ কৰা সু- সাহিত্যিক তৰুণ চন্দ্ৰ পামেগামৰ প্ৰতিমূৰ্তি আজি ডবা, শংখ, তাল, খোল, ঢোল, আয়তীৰ উৰুলি আদি ব্যাপক মংগল ধ্বনিৰ মাজত পৰমানন্দ চায়েঙীয়াই উক্ত প্ৰতিমূৰ্তি উন্মোচন কৰে ।উন্মোচনৰ পূৰ্বে গছপুলি ৰোপণ কৰে গড়মূৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কুমুদ গোস্বামীয়ে । উন্মোচনৰ পাছতেই এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ।

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

      দুপৰীয়া এঘাৰ বজাৰ পৰা গড়মূৰ বংশীগোপাল নাট্য মন্দিৰত বৃহৎ মুকলি সভা অনুষ্ঠিত হয় । উক্ত মুকলি সভাত

  বন্তি প্ৰজ্বলন কৰে মাজুলীৰ ঔৱা সত্ৰৰ সত্ৰাধিকাৰ শৰৎ চন্দ্ৰ গোস্বামীয়ে । ঘনকান্ত নাথে আঁত ধৰা অনুষ্ঠানত আদৰণী ভাষন দিয়ে উদযাপন সমিতিৰ সভাপতি ড০ নৱ কুমাৰ গামে । পাঁচশতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত তত্বগধুৰ ভাষনেৰে সভাখন উদ্বোধন কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ডম্বৰুধৰ নাথে । ৰঙাচাহী মহাবিদ্যালয়ৰ প্ৰৱক্তা পাৰুল বৰা মিলিৰ স্ব- ৰচিত কবিতা পাঠেৰে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে । সভাত মুখ্য অতিথিৰ ভাষন প্ৰদান কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰমানন্দ চায়েঙীয়াই । নিজৰ ভাষনত চায়েঙীয়াই অসমৰ সমাজ জীৱনলৈ তৰুণ চন্দ্ৰ পামেগামৰ অৱদানসমূহ ব্যাখ্যা কৰি তৰুণ চন্দ্ৰ পামেগামৰ স্মৃতিত এটা ন্যাস গঠনৰ প্ৰস্তাৱ প্ৰদান কৰে । সভাত বিশিষ্ট অতিথি হিচাপে পদ্মশ্ৰী সূৰ্য হাজৰিকা, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিত কুমাৰ ভূঞা, উপ-সভাপতি প্ৰফুল্ল বৰুৱা, অৱসৰ-প্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডা০ নীলকান্ত পেগু, মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিত শইকীয়া , মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য উমা পাঠৰী, পুৰুষোত্তম দলে, নীলকান্ত দলে, তৈলোক্য পামেগাম, মাজুলী জিলা কবি সন্মিলনৰ সভাপতি ৰাম সাগৰ নাথ, মিচিং বানে কেবাঙৰ সভাপতি আনন্দ ৰাম নৰহ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নিৰন শইকীয়া, মিনতি শইকীয়া, ৰেণুমালা দত্ত, কমল বৰা, অৱসৰপ্ৰাপ্ত অধ্যাপক জিতেন ডেকা, গড়মূৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী স্বপ্না কাকতি, গড়মূৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ হাইস্কুলৰ অধ্যক্ষ কুমুদ গোস্বামী, বিশিষ্ট সমাজকৰ্মী, লোকনাথ কুটুম, তৰুণ বৰা, বীৰেন শইকীয়া, ৰনজিত দলে, ভূপেন দত্ত, দীপক গোস্বামী, ৰেখা দলে, নৃপেন কমান, মাজুলীৰ জিলা ছাত্র সন্থাৰ পৱিত্ৰ গোস্বামী, বিতোপন শৰ্মা আদিয়ে অংশগ্ৰহণ কৰে ।

    সভাত বিশিষ্ট শিল্পী অমিয় কুমাৰ চিৰাঙে আনুনিতম: পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে । সভাত মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিত শইকীয়াই তৰুণচন্দ্ৰ পামেগামৰ এটা কবিতা আবৃত্তি কৰে । 

   সভাত, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই তৰুণ চন্দ্ৰ পামেগামৰ মৃত্যুৰ চনটো ১৯৮৩ আৰু ১৯৮৬ বুলি দুটা ভিন্ন বছৰ গুগলত আছে । পামেগামক সম্বন্বয়ৰ প্ৰতীক বুলি উল্লেখ কৰি পামেগামৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ বাবে মিচিং স্বায়ত্ব শাসিত পৰিষদক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ, তৰুণ চন্দ্ৰ পামেগামৰ নামত " মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত অধিক গৱেষণা হ'ব লাগে বুলি কয় । উক্ত, মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি পদ্মশ্ৰী তথা শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সূৰ্য হাজৰিকাই তৰুণ চন্দ্ৰ পামেগামক নেচনছ বিল্ডাৰ বুলি উল্লেখ কৰি পামেগামৰ জীৱনীমূলক এখন গ্ৰন্থ প্ৰকাশ কৰি দেশৰ মানুহৰ মাজত প্ৰচাৰ কৰিবলৈ আহ্বান জনায় । সভাত তৰুণ চন্দ্ৰ পামেগামৰ " সান্নিধ্যৰ সোঁৱৰণ" বক্তৃতা প্ৰদান কৰে তৰুণ বৰাই । উক্ত, মুকলি সভাত ভৱানন্দ হাজৰিকাই সম্পাদনা কৰা তৰুণ চন্দ্ৰ পামেগামৰ "সোঁৱৰণী আভা" উন্মোচন কৰে মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিত কুমাৰ ভূঞাই । ঔৱা সত্ৰৰ সত্ৰাধিকাৰ শৰৎ চন্দ্ৰ গোস্বামী আৰু গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ গোস্বামীয়ে নিজৰ ভাষনত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত স্বাধীনতা সংগ্ৰামী , সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামীৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিবলৈও আহ্বান জনায় । ৰেণুমালা দত্তৰ কবিতা পাঠ আৰু কলাভূমি মাজুলীৰ শিল্পী সকলৰ সমূহীয়া বৰগীত পৰিৱেশনৰে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে । অনুষ্ঠানত শলাগ জ্ঞাপন কৰে ঘনকান্ত নাথে । বিয়লি গড়মূৰ ফুটুকীৰ ৰিমিক জিমিক সাংস্কৃতিক দলে গোমৰাগ নৃত্যয়ে সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে । সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে মাজুলীৰ অৱসৰপ্ৰাপ্ত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা০ নীলকান্ত পেগুয়ে ।