অসমৰ প্ৰতিভাৱান এথলীট অম্লান বৰগোহাঁয়ে ২০০ মিটাৰৰ পিছত এইবাৰ ১০০ মিটাৰ দৌৰতো ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস অৰ্থাত ২৯ আগষ্টৰ দিনাই এই অভিলেখ গঢ়ে অসম সন্তান অম্লানে।

ৰায়বেৰেলীত অনুষ্ঠিত ৮৭ সংখ্যক সৰ্বভাৰতীয় ৰেলৱে এথলেটিকছ চেম্পিয়নশ্বিপৰ ১০০ মিটাৰ দৌৰত ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি অম্লানে স্বৰ্ণ পদক জয় কৰে। ইয়াৰ বাবে অম্লানে সময় লয় ১০.২৫ ছেকেণ্ড।

উল্লেখ্য যে, অম্লানে ওড়িশাৰ অমিয় কুমাৰ মল্লিকৰ নামত থকা ১০.২৬ ছেকেণ্ডৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে। মল্লিকে ২০১৬ চনত নতুন দিল্লীত গঢ়িছিল এই অভিলেখ।

ইয়াৰ পূৰ্বে জুন মাহত অনুষ্ঠিত ৬১তম ৰাষ্ট্ৰীয় ছিনিয়ৰ আন্তঃৰাজ্যিক এথলেটিকছ প্ৰতিযোগিতাতো অম্লানে ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰত সোণৰ পদক জয় কৰিছিল।