বিটিআৰ ওদালগুৰি বাসীৰ দিৰ্ঘদিনিয়া দাবী পূৰণ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই।ওদালগুৰি ভৈৰৱকুণ্ডৰ ধনশিৰি নৈত প্ৰায় ৩৪ কোটি টকাৰ ব্যয় সাপেক্ষে দলং নিৰ্মাণৰ মাংগলিক শুভাৰম্ভণি।পথ যোগাযোগৰ ক্ষেত্ৰত নতুন মাত্ৰা সংযোজনেৰে বিটিআৰ ওদালগুৰি বাসীৰ দীৰ্ঘদিনীয়া আশা-আকাংক্ষা বাস্তৱায়িত কৰি আজি ওদালগুৰি-ভৈৰৱকুণ্ডৰ পথৰ ধনশিৰি নৈৰ ওপৰত
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
এন ই আৰ এছ ডি এছ প্ৰকল্পৰ অধীনত প্ৰায় ৩৪ কোটি টকাৰ ব্যয় সাপেক্ষ ৩২০ মিটাৰ দৈৰ্ঘ্যৰ দলং আৰু ৭১৫ মিটাৰ দৈৰ্ঘ্যৰ সংযোগী পথ নিৰ্মাণৰ মাংগলিক শুভাৰম্ভণি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
দলংখনৰ নিৰ্মাণে ওদালগুৰি বাসীৰ লগতে অৰুণাচল - অসমৰ মাজত আন্তঃৰাজ্যিক যোগাযোগৰ দিশত নতুন অধ্যায়ৰ সূচনা কৰিব আনহাতে এই দলং আৰু সংযোগী পথটি অহাঁ ২০২৫ চনৰ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰাৰ কথা প্ৰকাশ কৰে।
লগতে ৰাজ্যৰ পথ- যোগাযোগৰ ব্যৱস্থা শক্তিশালীকৰণৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰাৰ লগতে বিটিআৰ পথ দলং নিৰ্মাণৰ এতিমধ্যে ৫০০ কোটি টকা অনুমোদন জনাইছে বুলিও মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী গৰাকীয়ে।
উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী শ্ৰীঅশোক সিংহল, বি টি আৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, বি টি আৰৰ উপ-মুখ্য কাৰ্যবাহী তথা বিধায়ক শ্ৰীগোবিন্দ চন্দ্ৰ বসুমতাৰী, বিধায়ক শ্ৰীগণেশ লিম্বু, উত্তৰ-পূব পৰিষদৰ (টি এণ্ড চিৰ উপদেষ্টা নবীন কুমাৰ, লোক নিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত সচিব শ্ৰীৰাজেশ কেমপ্ৰাই, প্ৰাক্তন মন্ত্ৰী শ্ৰীৰিহণ দৈমাৰী, প্ৰাক্তন বিধায়ক শ্ৰীগুৰুজ্যোতি দাসৰ লগতে বিভিন্ন নেতা বিশিষ্ট সমাজকৰ্মী সকল উপস্থিত থাকে।