বিদ্যালয় একত্ৰিকৰন বিৰোধীতাৰে ঢকুৱাখনাত প্ৰতিবাদত নামিল অভিভাৱক ,শিক্ষাৰ্থী।

ঢকুৱাখনা সমষ্টিৰ বৰদলনি (ঘিলামৰা)শিক্ষা খণ্ডৰ অন্তৰ্গত ঘিলামৰা মধ্য চামপৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খন ঘিলামৰা পাব্লিক হাইস্কুলৰ লগত একত্ৰিকৰনৰ বিৰোধীতাৰ দাবীত আজি অভিভাৱক তথা শিক্ষাৰ্থী সকলে প্ৰতিবাদ সাব্যস্ত কৰে।মধ্য চামপৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰায় ৭কিলমিটাৰ দূৰত্বত থকা ঘিলামৰা পাব্লিক হাইস্কুললৈ নাযায় এই সকল ছাত্ৰ ছাত্ৰী।

সেয়েহে আজি মধ্যে চামপৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ আন বিদ্যালয় লগত একত্ৰিকৰন বন্ধ কৰক মধ্যে চামপৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ আমাক লাগিবই বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ ছাত্ৰী সকলে।

আন বিদ্যালয় লগত আমাৰ বিদ্যালয় একত্ৰিকৰন বন্ধ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীলৈও অনুৰোধ জনাইছে এই সকল ছাত্ৰ ছাত্ৰীযে।