" এছিয়া বুক অফ ৰেকৰ্ডছ"( Asia Book of Records) ত অন্তৰ্ভুক্ত হ'ল অসম সন্তান, মুম্বাই নিবাসী আয়ু্স্মান কলিতা‌‌ৰ নাম।

এই বছৰ জুলাই মাহত 'এমাজ'ন' তথা ' অৰেঞ্জ প্ৰকাশনে ' প্ৰকাশ কৰি উলিওৱা " Black Holes in a Nutshell" পুথিখনৰ‌ বাবে‌

বিজ্ঞান আৰু প্ৰযুক্তিৰ শিতানত ভাৰতবৰ্ষৰ কণিষ্ঠতম লিখক হিচাপে বাৰ (১২) বছৰীয়া শিশু গৰাকীক" ইন্ডিয়া বুক অফ ৰেকৰ্ডছ" এ স্বীকৃতি প্ৰদান কৰাৰ পিছত তেওঁৰ নাম "এছিয়া বুক অফ ৰেকৰ্ডছ" ৰ বাবেও প্ৰকাশকৰ তৰফৰ পৰা মনোনীত কৰা হৈছিল আৰু সমগ্ৰ মহাদেশৰ ভিতৰতে এই পৰ্যন্ত এই শিতানত পুথি প্ৰকাশ কৰা কণিষ্ঠতম লিখক হিচাপে "এছিয়া বুক অফ ৰেকৰ্ডছ"তো আয়ুস্মানৰ নাম সন্নিৱিষ্ট হোৱাত পৰিয়াল আৰু গুণমুগ্ধসকলৰ মাজত আনন্দমুখৰ পৰিবেশে বিৰাজ কৰিছে। উল্লেখযোগ্য যে যদিও তেওঁৰ জন্ম মহাৰাষ্ট্ৰত, পৈতৃকসূত্ৰে তেওঁৰ চৰাইদেউ জিলাৰ চফ্ৰাইৰ সৈতে সংযুক্ত।