বিশ্বনাথ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগ । বিশ্বনাথ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু দিৱসটি 'দেশভক্তি দিৱস' ৰূপে আজি বিশ্বনাথ পৌৰসভাৰ প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে পালন কৰা হয় । এই উপলক্ষে বিশ্বনাথ জিলা তথ্য আৰু জনসংযোগ বিভাগে বিশ্বনাথ জিলা ভিত্তিত আয়োজন কৰা "দেশভক্ত তৰুণৰাম ফুকন জীৱন আৰু কৃতি" শীৰ্ষক ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি "ক" শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় গহপুৰৰ টকৌবাৰীৰ ৰিয়ান ৰাজ ভূঞাই । গহপুৰ নগৰৰ আগশাৰী শৈক্ষিক প্ৰতিষ্ঠান জ্ঞান ভাৰতী ছিনিয়ৰ ছেকেণ্ডৰী স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্র ৰিয়ান ৰাজ ভূঞাক এই কৃতিত্বৰ বাবে বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে আৰু অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিশ্বজিৎ শইকীয়াৰ স্বাক্ষৰ সম্বলিত এখন প্ৰমাণ পত্ৰ, দুখন কিতাপ আৰু এটা কলমেৰে পুৰস্কৃত কৰা হয় । বিশ্বনাথ পৌৰসভাৰ পৌৰপতি অমৰ জ্যোতি বৰঠাকুৰৰ সঞ্চালনাত অনুষ্ঠিত গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, অতিৰিক্ত উপায়ুক্ত বিশ্বজিৎ শইকীয়াৰ উপৰিও বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, শিক্ষাবিদ ৰাণা প্ৰতাপ হাজৰিকাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।