বিদ্যানগৰ ৪নং অংগনাবাদী কেন্দ্ৰৰ কথা এয়া ৷ এপষেক আগে মঙলদৈ বিদ্যানগৰ ৪নং অংগনাবাদী কেন্দ্ৰ কৰ্মী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কৈছিল অংগনাবাদী গৃহৰ অভাৱত গছৰ তলত কন কন শিশুক পঢ়োৱাৰ কথা ৷ সাংবাদিকৰ চৰজমিন তদন্তত ওলাই পৰিল জোলোঙাৰ মেকুৰী !
ইতিপূৰ্বে নিৰ্মাণ হৈছে এই অংগনাবাদী গৃহৰ ৷ দৰং জিলা সমাজকল্যাণ বিভাগৰ তত্বাবধানত প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে উদ্বোধন কৰিছিল অংগনাবাদী গৃহটি ৷ ইয়াৰ উপৰিও অংগনাবাদী কৰ্মী গৰাকীৰ স্বামীয়ে শিলান্যাস কৰিছিল গৃহটিৰ ৷স্থানীয় লোকৰ অভিমত, অংগনাবাদী কৰ্মী গৰাকীয়ে গৃহৰ অভাৱত গছৰ তলত শিশু সকলক পঢ়ুৱাই থকা বুলি কৈ অঞ্চলটোলৈ দুৰ্নাম আনিলে ৷ ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে সংশ্লিষ্ট বিভাগক এক উচিত তদন্তৰ যৰিয়তে বিষয়টি সমাধান কৰি শিশু সকলক বিদ্যালয় গৃহত পঢ়ুৱাবলৈ আহ্বান জনালে ৷