সোণাৰিত বন্য হস্তিয়ে তহিলং কৰিছে কৃষকৰ সপোন

সোণাৰি অভয়পুৰ বনাঞ্চলৰ পৰা বনৰীয়া হাতী জাক আহি থুকুবিল অঞ্চলৰ পথাৰত নষ্ট কৰিলে কৃষকৰ খেতি।

 চৰাইদেউ জিলাৰ সোণাৰি  থুকুবীল আদি অঞ্চলত বনৰীয়া হাতীয়ে নষ্ট কৰিলে খেতিয়কৰ খেতিপথাৰ । আজিও অভয়পুৰ বনাঞ্চলৰ পৰা খাদ‍্যৰ সন্ধানত নামি অহা প্ৰায় ৩০/৩৫ জনীয়া হাতীৰ জাকটোৱে নষ্ট কৰেলে স্থানীয় কৃষকৰ প্ৰায় ১৫ / ২০ বিঘাৰো অধিক খেতিৰ মাটি । এতিয়া কৃষক সকল চিন্তাত মূৰে কপালে হাত দিছে । ওচৰতে থকা বনবিভাগৰ বিষয়া সকল খৱৰ দিয়াৰ পিছতো বহু সময়ৰ পিছত ওলাইহি । তেতিয়া লৈকে বন‍্য হস্তীয়ে পথাৰত ৰূপন কৰা কুমলীয়া কঠিয়াৰ গোজ খাই মেলি নষ্ট কৰি শেষ ।  কোনে দিব বন‍্য হাতীয়ে  নষ্ট কৰা খেতিয়কৰ কষ্টৰ ফচলৰ উচিত দাম । এয়াই প্ৰথম নহয় বছৰে বছৰে আহে হাতীৰ জাক কিন্তু আজি পৰ্যন্ত বিভাগিয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব‍্যৱস্থা গ্ৰহণ নকৰিলে । কেৱল মূখৰ ফুলজাৰি আস্বাস প্ৰদানৰ ।  এতিয়া কি পদ্ধতিৰে এই বন‍্য হস্তী আৰু থুকুবীল ৰাইজৰ সমস্যা কি দৰে নিৰমূল হব সেইয়া সময়তহে গম পোৱা যাব । অৱশেষত গাওঁৰ ৰাইজে হাতীৰ জাক টোক ওচৰতে থকা বনাঞ্চললৈ খেদি পঠিয়া।