আৰক্ষীৰ চকুত ধূলি দি বহু দিন ধৰি পলাতক অৱস্থাত থকা দেৰগাঁৱৰ কুখ্যাত ডকাইট দিলিপ চাহানী ওৰফে লগান চাহানীক গ্ৰেপ্তাৰ কৰিলে দেৰগাঁও আৰক্ষীয়ে। দেৰগাঁৱৰ বিভিন্ন প্ৰান্তত চুৰি ডকাইতিৰে সন্ত্ৰাস চলাই আৰক্ষীৰ নিদ্ৰা হৰণ কৰা ধৃত লগানক পূৰ্ৱতেও  পিষ্টল সহ কৰায়ত্ব কৰিছিল দেৰগাঁও আৰক্ষীয়ে। এনেবোৰ অপৰাধ জেলৰ ভাতো খাব লগা হৈছিল ধৃত লগান চাহানীয়ে। পলাতক লগানক ২৮ জুলাইr বিয়লি দেৰগাঁও সমিপৱৰ্তী কাকডোঙাত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এখন টাটা মেজিকেৰে আহি থকা অৱস্থাত যোৰহাট পুলিবৰ আৰক্ষী আৰু দেৰগাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।
বৰ্তমান লগান চাহানীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।