মোৰ আপোনাৰ দৰে তেওঁলোকৰ পৰিয়ালৰো আছে বহুতো সপোন, আনৰ দৰে গাড়ী, মটৰ, বাংলা নহলেও খেতি বাতি কৰি পত্নী আৰু পুত্ৰ- সৈতে পাৰ কৰিছিল সুখৰ জীৱন I কিন্তু হঠাৎ জীৱনক পোহৰাই গাঁৱৰ লোকৰ সৈতে একেলগে বাস কৰা ৰাম বাহাদুৰ ছেত্রীৰ জীৱনলৈ নামি আহিল ঘোৰ অন্ধকাৰ I

   ধেমাজি জিলাৰ জোনাই মহকুমা ৰাজাখনা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৩নং ৰায়াং বালিজান গাৱৰ ৰাম বাহাদুৰ ছেত্রীৰ জীৱনলৈ নামি আহিছে এক বিষাদ অন্ধকাৰ I পত্নী আৰু পুত্ৰৰ সৈতে ৰাম বাহাদুৰ ছেত্রীয়ে পাৰ কৰিছিল সুখৰ জীৱন I কিন্তু হঠাৎ তেওঁৰ জীৱনলৈ নামি আহিল অমানিশা I ছয় মাহ পূৰ্বে সাধাৰণ ৰোগত ভোগা ব্যক্তিজন বৰ্তমান কেঞ্চাৰ ৰোগী I কেঞ্চাৰ ৰোগত ভোগা এইজন ৰাম বাহাদুৰক উন্নত চিকিৎসাৰ বাবে বহি ৰাজ্যত চিকিৎসাৰ প্ৰয়োজন হৈছে I কোনোমতে উপাৰ্জন কৰি পৰিয়াল পোহ পাল দিয়া ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰীৰ এনে অৱস্থাত হতাশ হৈ পৰিছে পৰিয়াল বৰ্গ তথা স্হানীয় ৰাইজ I 

         

সৰ্বস্বান্ত ব্যক্তিৰ জীৱনত পোহৰাই তুলিবলৈ পুত্ৰ তথা স্থানীয় লোকে কাতৰ অনুৰোধ কৰিছে অসম চৰকাৰ তথা হৃদয়বান লোকলৈ I 

     যদিহে কোনো সদাশয় ব্যক্তিয়ে দুৰ্ভগীয়া ব্যক্তিজনক সহায় কৰিব বিছাৰে তেন্তে ইন্দিৰা ছেত্রীৰ SBI জোনাই শাখাৰ একাউণ্ট নং 38474675031 আৰু IFSC Code SBIN0005557 নম্বৰত সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে I তদুপৰি 6002685894 নাম্বাৰত যোগাযোগ  কৰিব পাৰিব সদাশয় ব্যক্তিয়ে I