নতুন দিল্লী, ২৯ আগষ্ট। অহা ৩১ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈ সংযুক্ত আৰৱ যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে। চতুৰ্দশ ভাৰত-সংযুক্ত আৰৱ যুক্তৰাষ্ট্ৰ যুটীয়া আয়োগৰ বৈঠকত (জেচিএম) সহ-সভাপতিত্ব কৰিব আৰু সংযুক্ত আৰৱ যুক্তৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰী শ্বেখ আব্দুল্লাবিন জায়েদ আল নাহিয়ানৰ সৈতে তৃতীয় ভাৰত-সংযুক্ত আৰৱ যুক্তৰাষ্ট্ৰ কৌশলগত আলোচনাৰ সহ-সভাপতিত্ব কৰিব।

বৈঠকত দুয়োগৰাকী মন্ত্ৰীক দুয়োখন দেশৰ মাজত ব্যাপক কৌশলগত অংশীদাৰীত্ব, আঞ্চলিক আৰু গোলকীয় উন্নয়নৰ পৰ্যালোচনা কৰাৰ সুযোগ প্ৰদান কৰিব। এই ভ্ৰমণকালত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে সংযুক্ত আৰৱ যুক্তৰাষ্ট্ৰৰ অন্যান্য বিশিষ্ট ব্যক্তিসকলকো সাক্ষাৎ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জুনত আবু ধাবি ভ্ৰমণ কৰিছিল আৰু সংযুক্ত আৰৱ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিজ হাইনেছ শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰিছিল।

ইয়াৰ পূৰ্বে, দুয়োগৰাকী নেতাই ১৮ ফেব্ৰুৱাৰীত এক ভাৰ্চুৱেল সন্মিলনো অনুষ্ঠিত কৰিছিল। ভাৰত-সংযুক্ত আৰৱ যুক্তৰাষ্ট্ৰ ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (চি.ই.পি.এ.) স্বাক্ষৰিত হৈছিল আৰু এক দৃষ্টিভংগী বিবৃতি হিচাপে গ্ৰহণ কৰা হৈছিল।