চিলাপথাৰত আম আদমী পাৰ্টিৰ সভা, চিচিবৰগাওঁ ব্লক মহিলা শক্তি সমিতি গঠন
ধেমাজি জিলা আম আদমী পাৰ্টিৰ এখন গুৰুত্বপূৰ্ণ সভা অলপতে চিলাপথাৰত অনুষ্ঠিত হৈ যায়। জিলাখনৰ বিভিন্ন স্থানৰ পৰা একত্ৰিত হোৱা মহিলাসকলক মাজৰ পৰা মিনু বৰাক সভনেত্রী আৰু গীতাঞ্জলি গগৈক সম্পাদিকা হিচাপে লৈ আম আদমী পাৰ্টিৰ ভগ্নী সংগঠন মহিলা শক্তিৰ চিচিবৰগাওঁ ব্লক সমিতিখন গঠন কৰা হয় । অনুষ্ঠানত দলৰ ৰাজ্যিক মহিলা শক্তিৰ সভনেত্রী অনুৰূপা বড়ো, ৰাজ্যিক সম্পাদিকা গীতালি ঢেকিয়াল ফুকন, আম আদমী পাৰ্টিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ব্ৰজেন সন্দিকৈ, ধেমাজি জিলা সমিতিৰ সভাপতি ডেভিড টায়ে, সম্পাদক মনোৰঞ্জন গগৈ, জোনাই সমষ্টিৰ সমন্নয়ক অতুল বৰগোহাঁইকে ধৰি বহুতো দলীয় নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে । সভাত দলীয় সাংগঠনিক স্থিতি সবল কৰিবৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন কাৰ্যপন্থা সম্পৰ্কে আলোচনা কৰা হয় বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে দলীয় কৰ্মীসকলে।