মাৰাত্মক নিচাযুক্ত ড্ৰাগছৰ বেজি লৈ পেঙেৰীৰ এগৰাকী নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে সমগ্ৰ পেঙেৰীৰ অঞ্চল ৷ আজি এই ঘটনাৰ পাছতে সমগ্ৰ পেঙেৰী-টেকেৰী অঞ্চলৰ প্ৰায় দুই হেজাৰ পুৰুষ মহিলাই ওলাই আহি অঞ্চলটোত প্ৰচলন হৈ থকা মাৰাত্মক নিচাযুক্ত দ্ৰব্য ড্ৰাগছ, কানি, সুৰা ইত্যাদি উৎখাত কৰাৰ দাবী জনাই পেঙেৰী আৰক্ষী থানা ঘেৰাও কৰি আৰক্ষী- প্ৰশাসনৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে ৷ আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবেই সমগ্ৰ পেঙেৰী-বৰডুমচা অঞ্চল ড্ৰাগছৰ জ’নত পৰিণত হৈ পৰিছে বুলি ৰাইজে অভিযোগ কৰিছে ৷ যাৰ ফলত মাৰাত্মক ড্ৰৱ ড্ৰাগছ প্ৰয়োভৰ দিনক দিনে বৃদ্ধি পাই আহিছে এই অঞ্চলত। যাৰ বাবে টেকেৰী গাঁৱৰ সোণেশ্বৰ মহন্তৰ পুত্ৰ তথা পেঙেৰী জাতীয় বিদ্যালয়ৰ এগৰাকী নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ বিৰাজ মহন্তই শনিবাৰে একাংশ সতীৰ্থৰ সৈতে ড্ৰাগছৰ বেজি লৈ অচেতন হৈ পৰাৰ পাছতে পৰিয়ালৰ লোকে চিকিৎসালয়লৈ লৈ যায় যদিও ছাত্ৰজন মৃত্যু হ’য় ৷ তথ্য অনুসৰি ড্ৰাগছৰ বেজি লৈ অচেতন হৈ পৰাৰ পাছতে বিৰাজক সতীৰ্থসকলে এঠাইত শুবলৈ দি পৰিয়ালক খবৰ দিয়ে ৷ পৰিয়ালৰ লোকসকলে ছাত্ৰজনক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ লৈ গৈছিল যদিও শনিবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হ’য় বিৰাজৰ ৷ বেজিত ড্ৰাগছৰ পৰিমান বেছি হোৱাৰ বাবেই ছাত্ৰজনৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে ৷ এই ঘটনাই সমগ্ৰ অঞ্চলবাসীক চিন্তিত কৰি তুলিছে ৷ লক্ষণীয় যে পেঙেৰী, বৰডুমচা, ফিল’বাৰী ইত্যাদিত ড্ৰাগছৰ দৈনিক অবাধ প্ৰচলনে ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷ যাৰ ফলস্বৰুপে এগৰাকী ফুলকুমলিয়া ছাত্ৰই অকালতে মৃত্যুবৰণ কৰিবলগীয়া হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
विश्वस्तरीय चम्बल रिवर फ्रंट की अनदेखी से धारीवाल दुखी कहा कोटा की अर्थव्यवस्था के लिए घातक
कोटा में पर्यटन विकास के लिए प्रयास करें सरकार, धारीवाल
विश्व स्तरीय चंबल रिवर फ़्रंट समेत...
Bengal Bandh: बंगाल में 'बवाल' पर बोलीं CM Mamata, 'बीजेपी की साजिश सफल नहीं होगी' | Aaj Tak
Bengal Bandh: बंगाल में 'बवाल' पर बोलीं CM Mamata, 'बीजेपी की साजिश सफल नहीं होगी' | Aaj Tak
Indian economy: भारत के महंगाई रोकने के उपाय का असर बाक़ी दुनिया पर क्या पड़ रहा है? (BBC Hindi)
Indian economy: भारत के महंगाई रोकने के उपाय का असर बाक़ी दुनिया पर क्या पड़ रहा है? (BBC Hindi)
અંકલેશ્વર નજીક રેલવેનો ઓવરહેડ કેબલ તૂટી જતાં રેલ વ્યવહાર પ્રભાવિત થયો, 2 ટ્રેન રદ કરાઈ અને 1 અટકવાઇ
અંકલેશ્વર નજીક રેલવેનો ઓવરહેડ કેબલ તૂટી જતાં રેલ વ્યવહાર પ્રભાવિત થયો, 2 ટ્રેન રદ કરાઈ અને 1 અટકવાઇ