মাৰাত্মক নিচাযুক্ত ড্ৰাগছৰ বেজি লৈ পেঙেৰীৰ এগৰাকী নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে সমগ্ৰ পেঙেৰীৰ অঞ্চল ৷ আজি এই ঘটনাৰ পাছতে সমগ্ৰ পেঙেৰী-টেকেৰী অঞ্চলৰ প্ৰায় দুই হেজাৰ পুৰুষ মহিলাই ওলাই আহি অঞ্চলটোত প্ৰচলন হৈ থকা মাৰাত্মক নিচাযুক্ত দ্ৰব্য ড্ৰাগছ, কানি, সুৰা ইত্যাদি উৎখাত কৰাৰ দাবী জনাই পেঙেৰী আৰক্ষী থানা ঘেৰাও কৰি আৰক্ষী- প্ৰশাসনৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে ৷ আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবেই সমগ্ৰ পেঙেৰী-বৰডুমচা অঞ্চল ড্ৰাগছৰ জ’নত পৰিণত হৈ পৰিছে বুলি ৰাইজে অভিযোগ কৰিছে ৷ যাৰ ফলত মাৰাত্মক ড্ৰৱ ড্ৰাগছ প্ৰয়োভৰ দিনক দিনে বৃদ্ধি পাই আহিছে এই অঞ্চলত। যাৰ বাবে টেকেৰী গাঁৱৰ সোণেশ্বৰ মহন্তৰ পুত্ৰ তথা পেঙেৰী জাতীয় বিদ্যালয়ৰ এগৰাকী নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ বিৰাজ মহন্তই শনিবাৰে একাংশ সতীৰ্থৰ সৈতে ড্ৰাগছৰ বেজি লৈ অচেতন হৈ পৰাৰ পাছতে পৰিয়ালৰ লোকে চিকিৎসালয়লৈ লৈ যায় যদিও ছাত্ৰজন মৃত্যু হ’য় ৷ তথ্য অনুসৰি ড্ৰাগছৰ বেজি লৈ অচেতন হৈ পৰাৰ পাছতে বিৰাজক সতীৰ্থসকলে এঠাইত শুবলৈ দি পৰিয়ালক খবৰ দিয়ে ৷ পৰিয়ালৰ লোকসকলে ছাত্ৰজনক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ লৈ গৈছিল যদিও শনিবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হ’য় বিৰাজৰ ৷ বেজিত ড্ৰাগছৰ পৰিমান বেছি হোৱাৰ বাবেই ছাত্ৰজনৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে ৷ এই ঘটনাই সমগ্ৰ অঞ্চলবাসীক চিন্তিত কৰি তুলিছে ৷ লক্ষণীয় যে পেঙেৰী, বৰডুমচা, ফিল’বাৰী ইত্যাদিত ড্ৰাগছৰ দৈনিক অবাধ প্ৰচলনে ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷ যাৰ ফলস্বৰুপে এগৰাকী ফুলকুমলিয়া ছাত্ৰই অকালতে মৃত্যুবৰণ কৰিবলগীয়া হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વિશ્વનું પ્રથમ તરતું શહેર: વિશ્વનું પ્રથમ તરતું શહેર. જ્યાં ઘરો, દુકાનો અને રેસ્ટોરન્ટ બધું જ પાણી પર છે, તમે રહી શકો છો
અંડરગ્રાઉન્ડ સિટી, અંડરવોટર સિટી, સ્પેસ ટુરિઝમ અને માઈક્રોનેશન્સ જેવી માનવીઓની અનોખી જીવનશૈલી...
विनोद पाटील यांच्या देवगिरी निवासस्थानी लाडक्या गणरायाचे दर्शन घेण्यासाठी आज भगवानबाबा बालिका अनाथ आश्रमातील मुला-मुलींनी सहभाग नोंदविला.
औरंगाबाद :- (दीपक परेराव) भगवानबाबा बालिका अनाथ आश्रमातील या अनाथ मुलां-मुलींची सेवा करण्याची व...
Chhattisgarh: आरक्षण पर बोले Bhupesh Baghel, कहा- BJP जाति जनगणना क्यों नहीं करा रही है? | Aaj Tak
Chhattisgarh: आरक्षण पर बोले Bhupesh Baghel, कहा- BJP जाति जनगणना क्यों नहीं करा रही है? | Aaj Tak
#Bhavnagar | ગારીયાધાર થી પાલીતાણા જતા માર્ગ પર અકસ્માત | Divyang News
#Bhavnagar | ગારીયાધાર થી પાલીતાણા જતા માર્ગ પર અકસ્માત | Divyang News