* চৰাইদেউ জিলাত অব্যাহত আছে অৰুণাচলিৰ আগ্ৰাসন।

* দিল্লী ৰিজাৰ্ভত প্ৰৱেশ কৰি পৰিস্থিতিৰ বুজ ললে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।

চৰাইদেউ জিলাৰ অসম অৰুণাচল সীমান্তত অৱস্থিত দিল্লী সংৰক্ষিত বনাঞ্চলত অব্যাহত আছে অৰুণাচলিৰ আগ্ৰাসন।  অৰুণাচলৰ বন বিষয়াৰ দল এটা আজি বনাঞ্চল খনত পৰিৱেশ কৰি চলাইছিল সীমা নিৰ্দ্ধাৰণৰ কাম।অসমৰ কোনো প্ৰশাসনিক বিষয়া লগত নোলোৱাকৈ অসমৰ বনখঞ্চলত প্ৰৱেশ কৰিছিল অৰুণাচলি বন বিভাগৰ দল। ইয়ৰ পিছত সীমান্তত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া।।কৌশলেৰে অসমৰ বনাঞ্চল বেদখল কৰা ৰণকৌশল বুলি সচেতন ৰাইজৰ প্ৰতিক্ৰিয়া। পৰিবৰ্তী সময়ত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সদলবলে বনাঞ্চলখনত প্ৰৱেশ কৰি পৰিস্থিতিৰ বুজ লয়।