সোমবাৰে তিনিচুকীয়া জিলাৰ কৰ্দৈগুৰিত গোবিন্দ ৰাম মৌৰ আৰু বানাৰসী দেবী সোঁৱৰণী  আন্ত:জিলা মহিলা ফুটবল প্ৰতিযোগিতা ২০২২ৰ শুভাৰম্ভ হৈ যায়  ।

অসম ফুটবল সন্থাৰ তত্বাৱধানত, তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত , ডুমডুমা ক্ৰীড়া সন্থাৰ উদ্যোগত তালাপ কৰ্দৈগুৰি আঞ্চলিক ক্ৰীড়া সন্থা আৰু ডুমডুমা ক্ৰীড়া সন্থাৰ সহযোগত কৰ্দৈগুৰিৰ বৰগড়া ৰাজহুৱা খেলপথাৰত ৫ দিনীয়াকৈ অনুষ্ঠিত হৈছে মহিলা ফুটবল প্ৰতিযোগিতাখন ।