লখিমপুৰ জিলাৰ নাওবৈচা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত চিলনীবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰসূতি মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ প্ৰতি বিশেষ লক্ষ্য আগত ৰাখি বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ লগতে সজাগতা সভা অনুষ্ঠিত কৰা হয় । লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ( স্বাস্থ্য) গিতালি দুৱৰাই দ্বাৰ মুকলি কৰা স্বাস্থ্য মেলাত শতাধিক লোকক চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়।
উক্ত স্বাস্থ্য পৰীক্ষা শিবিৰ সেৱা আগবঢ়াই স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ হৃদয়ানন্দ বৰুৱা, শিশু ৰোগ বিশেষজ্ঞ পিকে দেউৰী, ডাক্তৰ অয়ন দাস, ৰাষ্ট্ৰীয় শিশু সুৰক্ষা কাৰ্যক্ৰমৰ ডাক্তৰ সুজাতা নায়ক, জনস্বাস্থ্য বিষয়া ক্ৰমে গৌৰীনাথ শইকীয়া, তাবিতা বাঘ, শিখা হাজৰিকা, মিতালি কলিতা, গীতা কুজুৰ, খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এমপিডব্লিউ, এএনএম, আশা কৰ্মী সকলে ।