দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে বৃহত্তৰ খাৰুপেটীয়া অঞ্চলত ঈদ উল জোহা প্ৰস্তুতি তুঙংগত। মছজিদ আৰু ঈদগাহ সমূহ আটক ধুনীয়াকৈ সজোৱা কাম তীব্ৰ গতিৰে চলিছে।

দৰঙৰ বৃহত্তম ঈদগাহ মৈদান বেলতালি ঈদগাহত টোৰণ দ্বাৰৰ লগতে ঈদগাহ মৈদান বাউণ্ডৰি ৱাল ধুনীয়াকৈ পইণ্টিং কৰা হৈছে। ঈদৰ দিনা বেলতালি ঈদগাহ মৈদানত ২৫ হাজাৰ ইছলাম ধৰ্মী লোক একে লগত সমূহীয়া নামাজ আদায় কৰাৰ অনুমান কৰা হৈছে।