সমগ্ৰ ৰাজ্যৰ লগতে জোনাইতো আজি মহকুমা প্ৰশাসনৰ উদ্যোগত দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু তিথি পালন কৰা হয় I জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যলয়ৰ সহযোগত আজি দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু তিথি উপলক্ষ্যে দেশ ভক্তি দিৱস উদযাপন কৰা হয় I দেশভক্তি দিৱসৰ সৈতে সংগতি ৰাখি তৰুণৰাম ফুকনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে এখন গুৰুত্ব পূৰ্ণ সভা অনুষ্ঠিত হয় I মহকুমাধিপতি প্ৰদিপ কুমাৰ দ্বিবেদীয়ে সভাপতিত্ব কৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে কাৰ্যবাহি দণ্ডাধীশ প্ৰিতম কুমাৰ দাসে I সভাত দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় I দেশ ভক্তি দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা সভাত দেশভক্ত তৰুণ ৰাম ফুকনৰ আত্মজীৱনীৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয় I 

    দেশ ভক্তি দিৱসৰ বিশেষ অনুষ্ঠানত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত জোনাই উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ চন্দ্ৰ পাৱ, অৱসৰপ্ৰাপ্ত মূৰ্কং চেলেক খণ্ড উন্নয়ন বিষয়া ৰাসেশ্বৰ পায়েং , জোনাই প্ৰেছ ক্লাৱৰ সভাপতি ৰয়েল পেগু, সম্পাদক মনোজ কুমাৰ প্ৰজাপতি , জোনাই মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যলয়ৰ বিষয়া কৰ্মচাৰী আৰু জোনাইৰ স্থানীয় সাংবাদিক সকল I