শণিবাৰে অৰুণাচল প্ৰদেশত হোৱা বৰষুণৰ ফলত লিকাবালিৰ পাহাৰৰ পৰা বৈ অহা পানীৰ ঢল আৰু দেওবাৰে পুৱাৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত উফন্দি উঠা কৃত্ৰিম বানে বুৰাই পেলাইছে চিলাপথাৰ নগৰৰ বহু কেইটা অঞ্চল । নগৰখনৰ লিকাবালি ৰ'ড দিশত থকা দঃঞি পঃলঃ , গোৰ্খা ভৱন , মালিনীপুৰলৈ যোৱা গোৰ্খা ভৱনৰ সন্মুখৰ পথ ভাগ , ফুলবাৰী পথাৰৰ পথ , হিন্দী স্কুলৰ চৌহদ আদিত ঠায়ে ঠায়ে একাঠুৰ পৰা এককাল পৰ্যন্ত পানী ওফন্দি উঠে । ফুলবাৰী পথাৰৰ গোৰ্খা ভৱনৰ দাঁতি-কাষৰীয়া বহু কেইঘৰ মানুহৰ বাৰীত পানী সোমাই শাক পাচলিকে ধৰি অন্যান্য সামগ্ৰীৰ ক্ষতিসাধন কৰে ।

ইফালে আৱদ্ধ লেতেৰা পানী জমা হোৱাৰ বাবে ৰোগৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকাই দেখা দিছে । নগৰখনৰ পৰা বৰষুণৰ পানী ওলাই যাব পৰা নলা-নৰ্দমাৰ পৰিকল্পিতভাবে সু ব্যৱস্থা নথকাৰ বাবেই সৃষ্টি হৈছে এই পৰিস্থিতিৰ । পৌৰসভাৰ কৰ্মকৰ্তা সকলে নগৰ খনক কৃত্ৰিম বানৰ পৰা মুক্ত কৰিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে ফলপ্ৰসূ হোৱা নাই । ইফালে এই কদৰ্যময় পৰিস্থিতি নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে ভুক্তভোগী ৰাইজে ।