ঢকুৱাখনা মহকুমাৰ খেৰকটা পঞ্চায়তৰ বগৰী গাঁৱত আজি পুৱা উদ্ধাৰ হয় এটা প্ৰকাণ্ড অজগৰ। বগৰী গাঁৱৰ এজোপা বাঁহ গছৰ ওপৰত অজগৰটো গাৱঁৰ স্থানীয় কেইজনমান লোকে প্ৰতক্ষ্য কৰে আৰু বনবিভাগক খবৰ দিয়ে ৷ ঘটনাস্থলীত গাওঁখনৰ প্ৰকৃতিপ্ৰেমি যুৱক মঞ্জিত পাতিৰ তৎপৰতাত গাৱঁৰ ৰাইজৰ লগতে বন বিভাগৰ লোকৰ সহযোগত উদ্ধাৰ কৰে অজগৰটো ৷ ইপিনে উদ্ধাৰ কৰা অজগৰটো ৫ ফুট দৈঘ্যৰ ১৪ কি:গ্ৰা: ওজনৰ বুলি জানিব পাৰি। ৰাইজ আৰু ঢকুৱাখনা আৰক্ষীৰ উপস্থিতিত উদ্ধাৰ কৰা অজগৰটো বনবিভাগে ঢকুৱাখনা বন উপ সংমণ্ডলৰ কাৰ্যালয়লৈ লৈ আনে আৰু অজগৰটো স্বাস্থ্য পৰিক্ষা কৰোৱা পাচত সম্পূৰ্ণ সুষ্ঠ থকা কথা জনাই বন বিভাগৰ লোকে৷