সোণাৰিত বিজেপিৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন

দক্ষিণ সোণাৰিত চাফ্ৰাই আৰু সোণাৰি টাউন মণ্ডলৰ বিজেপিৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।

বিজেপি চাফ্ৰাই আৰু সোণাৰি টাউন মন্ডলৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ । দক্ষিণ সোণাৰি স্থিত প্ৰায় তিনি কঠা মাটিত এই কাৰ্যালয় নিৰ্মাণ কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে প্ৰতিটো মন্ডলতে একোটাকৈ স্থায়ী কাৰ্যালয় নিৰ্মাণ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছিল। উক্ত পৰামৰ্শৰ ভিত্তিত আজি সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে দুই শতাধিক দলীয় কাৰ্যকৰ্তাৰ উপস্থিতত দক্ষিণ সোণাৰিত চাফ্ৰাই আৰু সোণাৰি টাউন মন্ডলৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে।উক্ত অনুষ্ঠানত উপস্থিত থাকে সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, চাফ্ৰাই মন্ডলৰ সভাপতি অৰ্জুন চেত্ৰী, সোণাৰি মন্ডলৰ সভাপতি অভিজিত চেলেং, ৱাৰ্ড কমিছনাৰ সকলৰ উপৰিও জিলা পৰিষদৰ উপ-সভাপতি দিগন্ত ৰাজকোঁৱৰ, চৰাইদেউ জিলা মিডিয়া কোষৰ আহ্বায়ক বিজয় গগৈ, জিলা পৰিষদৰ সদস্যা জিনু কোঁৱৰ, ৰাজ্যিক সদস্য সন্তোষ দে, আৰু দিলীপ কোঁৱৰ।