আজি সমগ্ৰ ৰাজ্য জুৰি পালন কৰা হয় দেশ ভক্তি দিৱস।ভাৰতৰ স্বৰাজ আন্দোলনৰ অন্যতম সেনানী তথা সাহিত্যিক তৰুণৰাম ফুকনৰ মৃত্যু দিৱসটো আজি প্ৰথমবাৰলৈ দেশভক্তি দিৱস ৰূপে নৰ্মাল স্কুল,ঢকুৱাখনাত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়।কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্বলন আৰু দেশ ভক্ত গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণৰ পিছতে ডি,এল,এড দ্বিতীয় আৰু চতুৰ্থ ষান্মাষিকৰ ছাত্ৰীসকলে সমবেত সংগীতেৰে মুল সভাৰঅ অনুষ্ঠান আৰম্ভ কৰে।অধ্যক্ষ লক্ষী কোঁৱৰৰ সঞ্চালনাত দেশভক্ত তৰুণৰাম ফুকনৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।

ছাত্ৰ পাৰ্থপ্ৰতিম দাসে আঁত ধৰা এই সভাত-শিক্ষাৰ্থী তৃষ্ণা নাজিৰ,দেৱজিৎ বিশ্বাস,হৰি প্ৰসাদ চুতীয়া, লীলাকান্ত টাইড আদিয়ে তৰুণৰাম ফুকনৰ সংগ্ৰামী জীৱন,সাহিত্যিক জীৱন,চিকাৰী জীৱন,ৰাজনৈতিক কাম-কাজ আদিৰ বিষয়ে আলোকপাত কৰি বক্তব্য আগবঢ়াই।ইফালে-জ্ঞানশ্ৰী মহন্ত,অংকিতা বৰাই গীত পৰিৱেশন, সংগীতা চিৰিং,বিদিশা শইকীয়াই কবিতা,জুৰি দলেয়ে নৃত্য পৰিৱেশন কৰে।এই অনুষ্ঠানত শিক্ষক অপৰাজিতা বুঢ়াগোহাঁই, পল্লৱী গগৈ,অতিথি শিক্ষক ৰাজীৱ বৰুৱাইও অংশগ্ৰহণ কৰে।