ৰাজ্যৰ ২৫খন জিলাত দেওবাৰে সুকলমে পাৰ হৈ গল তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা । সমগ্ৰ ৰাজ্যত ইণ্টাৰনেট কৰ্তন কৰি যোৱা দেওবাৰ আৰু আজি চতুৰ্থ বৰ্গ আৰু তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হয় ।
পৰীক্ষা চলি থকা সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে উল্লেখ কৰে যে অনুতীৰ্ণ পৰীক্ষাৰ্থীক উভতাই দিয়া হব আবেদনৰ মাচুল ।
পৰীক্ষাৰ্থী সকলে যিটো বেংক একাউন্ট ৰ পৰা মাচুল ভৰ্তি কৰিছিল সেই একাউন্টত উভতাই দিয়া হব ধন ।
অহা একমাহৰ ভিতৰত নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হব ।
মুঠ ১৪লাখ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছিল নিযুক্তি পৰীক্ষাত ।