মাজুলীৰ ছাত্ৰসমাজে প্ৰকাশ কৰিলে তিনিমহীয়া আলোচনীঃ

অসমৰ সংবাদ পত্ৰৰ ইতিহাসত স্বৰ্ণিল আখৰে খোদিত হৈ আছে মাজুলীৰ নাম | অসমীয়া মানুহৰ দ্বাৰা প্ৰকাশিত অসমৰ প্ৰথমখন বাতৰি কাকত 'আসাম বিলাসীনি' মাজুলীৰ সত্ৰৰ পৰা প্ৰকাশ হৈ অসমত কাকতৰ প্ৰথমখন ধ্বজা উৰুৱাইছিল | ইয়াৰ পিছতে ঊনৈশ শতিকা-বিংশ শতিকাত মাজুলীৰ পৰা ইয়াৰ উড্ডীন যাত্ৰা নিৰৱধি বৈ আছে | নব্বৈ দশকত জুলী আলোচনীকে ধৰি বিভিন্ন আলোচনী প্ৰকাশ হৈছে | ২০০৩ চনৰ পৰা প্ৰকাশিত মাজুলীৰ দীৰ্ঘ সময়ৰ আলোচনী দ্বি-ভাষিক মাজুলীত কবিতা, আউনীআটী সত্ৰৰ দ্বাৰা 'সংস্কৃতি পল্লৱ' আলোচনী বৰ্তমানো প্ৰকাশ হৈ থাকি মাজুলীৰ সাহিত্য সেৱাৰ অভিজাত পৰম্পৰা ৰক্ষা কৰি আছে | কাকত-আলোচনী প্ৰকাশৰ ক্ষেত্ৰত মাজুলী হ'ল- উৰ্বৰা ক্ষেত্ৰ | পূৰ্বসূৰী সকলৰ দ্বাৰা অনুপ্ৰাণিত হৈ অহা মাজুলীৰ যুৱচামৰ মাজতো আছে গ্ৰন্থ আৰু আলোচনী একোখন প্ৰকাশৰ উদগ্ৰ হাবিয়াস | তাৰেই ফলশ্ৰুতিত মাজুলীৰ ঐতিহাসিক মাজুলী মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ পৰা 'অস্তৰাগ' এখোজ আগলৈ শীৰ্ষক এখনি ভিন্নসুৰী ত্ৰিমাত্ৰিক আলোচনী | মাজুলী মহাবিদ্যালয়ৰ কেশৱৰাম বৰা প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ২৪ আগষ্ট তাৰিখে উন্মোচন কৰা হয় এই আলোচনীখনৰ প্ৰস্তাৱনা সংখ্যাটি | মহাবিদ্যালয়ৰ ছাত্ৰী কৰিণা হাজৰিকাৰ মাধৱদেৱ বিৰচিত এটি বৰগীতেৰে আৰম্ভ কৰা সভাখনিৰ আদৰণি ভাষণ আগবঢ়ায় মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট কবি ড০ দেৱজিত শইকীয়াই | ভাষণ প্ৰসংগত অধ্যক্ষ গৰাকীয়ে কয় যে আজি মহাবিদ্যালয়খন অতি গৌৰৱময় ক্ষণৰ সাক্ষী হৈ ৰ'ব | যি পবিত্ৰভূমি দুজনাগুৰুৰ পদৰেণুৰে ৰঞ্জিত, অসমৰ দ্বিতীয়খন বাতৰি কাকত প্ৰকাশ হৈ সৰ্বকালৰ বাবে সোণালী ইতিহাস ৰচনা কৰিলে সেই পুণ্য-পবিত্ৰ ধৰ্মীয় পীঠভূমিত থাকি সকলোৱে জন্মগতভাৱেই সৃষ্টিশীল পৰিবেশ লাভ কৰিছে | আজি আমাৰ ছাত্ৰসকলে এখনি আলোচনী প্ৰকাশ কৰি আমাৰ সাহিত্যৰ ধাৰাবাহিকতা ৰক্ষা কৰিছে | ' উন্মোচনী সভাখনিৰ সঞ্চালনা কৰে মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট চিন্তাশীল লেখক নৰেন চন্দ্ৰ ঠাকুৰীয়াই | আলোচনীখনৰ সম্পাদনা সমিতিয়ে সভাসদসকলক একোখন ফুলাম গামোচাৰে আদৰণি জনায় আৰু এই আদৰণি অনুষ্ঠানৰ আঁত ধৰে আলোচনীখনৰ প্ৰচাৰ আৰু বিজ্ঞাপন সচিব ভাগ্যজ্যোতি দত্তই | সভাখনিৰ শুভ উদ্বোধন কৰে অসমৰ বিশিষ্ট কবি তথা আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ডিম্বেশ্বৰ ভূঞাই | উদ্বোধনী ভাষণত ভূঞাই মাজুলীৰ সাহিত্য ইতিহাসৰ সংক্ষিপ্ত বৰ্ণনা কৰি কয় যে স্বদেশ আৰু স্বজাতিৰ হকে যাৰ অন্তৰত শ্ৰদ্ধা আছে সেইসকলে জাতিৰ প্ৰতি, সমাজৰ প্ৰতি দায়বদ্ধতাৰ পৰিচয় দিব | তাৰ উদাহৰণ, আজিৰ এই ছাত্ৰ সমাজৰ হিতৈষী পদক্ষেপ | আলোচনী খনৰ ধাৰাবাহিকতা ৰক্ষা আৰু সংগঠনৰ দিশতো ভূঞাই মন্তব্য কৰে | ইয়াৰ পিছতে আলোচনীখন উন্মোচন কৰে বিশিষ্ট সংগীতজ্ঞ, নাট্যকাৰ তথা মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিত কুমাৰ ভূঞাই | তেখেতেও আজিৰ এই গৌৰৱময় ক্ষণৰ সাক্ষী হোৱাৰ শলাগ লয় আৰু মাজুলী সাহিত্য-সংস্কৃতিৰ এটা নিটোল ছবি দাঙি ধৰে | তেখেতে এই মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অধ্যয়নৰ লগতে সামাজিক দায়বদ্ধতাৰে নিজৰ সুন্দৰ পৰিচয় দিয়াৰ বাবে ভূয়সী প্ৰশংসা কৰে | মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা মাজুলী মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক অৱনী দত্তই আলোচনীখনৰ নামকৰণৰ মাদকতা আৰু ছাত্ৰসমাজে কৰা আশাশুধীয়া প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰে আৰু অনাগত দিনত আলোচনীখনৰ ধাৰাবাহিকতা ৰক্ষাৰ বাবে আলোচনীৰ নেপথ্য সকলক আহ্বান জনায় | কণ্ঠশিল্পী তথা মহাবিদ্যালয়ৰ ছাত্ৰী কৰিশ্মা দেৱীৰ এটি লোকগীত পৰিবেশনেৰে সভাসদসকলক আমোদ প্ৰদান কৰে | আলোচনীখনিৰ উপদেষ্টা তথা মাজুলীৰ বিশিষ্ট প্ৰকাশন গোষ্ঠী 'পাহি-পৰী প্ৰকাশ'ৰ স্বত্বাধিকাৰী, কবি, সংগঠক জয়ন্ত হাজৰিকাই আলোচনীখন প্ৰকাশৰ আঁৰৰ কথাবোৰ সৰসভাৱে কৈ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ প্ৰদান কৰে | তেখেতে কয় যে আলোচনী প্ৰকাশৰ ক্ষেত্ৰত ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰা অতি প্ৰয়োজনীয় | কাতত-আলোচনী প্ৰকাশ কৰা সকলো ব্যক্তিয়েই এটা শব্দৰ গুলিলৈ ভয় কৰি থাকে, শব্দটো হ'ল-অধুনালুপ্ত | এই অধুনালুপ্ত শব্দ-গুলিটো নাখাবলৈ সকলো সময়তে জাগ্ৰত হৈ থাকিব লাগিব | এই সভাখনিত যুৱ লেখক-শিক্ষক, মাজুলীত কবিতা আলোচনীৰ বিতৰণ ব্যৱস্থাপক তথা আলোচনীখনৰ অন্যতম উপদেষ্টা কুশদীপ হাটীমতা, বিশিষ্ট কবি-শিক্ষয়িত্ৰী অমিয়া দেবী বৰঠাকুৰ, মাজুলী মহাবিদ্যালয়ৰ অধ্যাপক অমৃতেশ্বৰ চুতীয়া, লেখিকা-সংগঠক ৰেণু কলিতা, কবি-সংগঠক মৃণালী দেৱী, কবি পাপু বৰা, মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকাসকলৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰী, আৰু স্থানীয় সাংবাদিকসকল আৰু সাহিত্য-সেৱীসকল উপস্থিত আছিল | অস্তৰাগ পৰিয়ালৰ পৰা সহকাৰী সম্পাদক গৌতম দাসে নিজৰ অনুভৱ ব্যক্ত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে | সম্পাদনা সমিতিৰ হৈ দেৱজিত শইকীয়া, শচীন বৰা, বৰ্ষা বৰা, লক্ষ্যজিত শইকীয়া, অনামিকা বৰা প্ৰমুখ্যে কাৰ্যকৰ্তাসকল উপস্থিত থাকে | এটি মনোজ্ঞ অনুষ্ঠানেৰে মাজুলীৰ সাহিত্য ইতিহাসত স্বৰ্ণিল আখৰে 'অস্তৰাগ' খোদিত হওক আৰু সকলোৱে অস্তৰাগ' আকোৱালি লোৱাৰ কামনা কৰি সঞ্চালক নৰেন চন্দ্ৰ ঠাকুৰীয়াই নিজৰ মন্তব্য আগবঢ়ায় | জাতীয় সংগীতেৰে সভাখনিৰ সফল সামৰণি ঘটোৱা হয় |