সদৌ অসম ভিত্তিত অনুষ্ঠিত টাইকোৱানডো প্ৰতিযোগিতাত ৰূপৰ পদক বিজয়ী ডেভিড থাপাক চিচিবৰগাঁৱত সম্বৰ্ধনা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰঃ

 

 

বিকাশ শইকীয়া , চিলাপথাৰঃ ২৮ আগষ্টঃ

 

 

যোৱা ১৭ আগষ্টৰ পৰা ২০ আগষ্টলৈকে দুলিয়াজানৰ বিহুতলিত অনুষ্ঠিত কৰা ৩৭ সংখ্যক সদৌ অসম টাইকোৱানডো চেম্পিয়নচিপ ২০২২ ত ৰূপৰ পদক অৰ্জন কৰি চিচিবৰগাঁৱলৈ গৌৰৱ কঢ়িয়াই অনা চিচিবৰগাঁৱৰ যুৱক ডেভিড থাপাক ২৩ আগষ্টত তেওঁৰ ঘৰত গৈ ফুলাম গামোচা, চেলেঙেৰে সম্বৰ্ধনা জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চিচিবৰগাঁও আঞ্চলিক সমিতিৰ সদস্যসকলে । চিচিবৰগাঁৱৰ সমীপৰ মেচু নেপালী গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ যুৱকজনৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ চিচিবৰগাঁওবাসী । মেচু নেপালী গাঁৱৰ ধনবাহাদুৰ খাপৰ ২৩ বছৰীয়া পুত্ৰ ডেভিড থাপাই ইতিমধ্যে একেখন খেলৰ ২০১৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৩৫ সংখ্যক চেম্পিয়নচিপত সোণৰ পদক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০১৯-২০ বর্ষৰ আন্তঃমহাবিদ্যালয় প্ৰতিযোগিতাত সোণৰ পদক, বড়োলেণ্ড টাইকোৱানডো চেম্পিয়নচিপ -২০১৬ ত সোণৰ পদককে ধৰি কেইবাখনো সদৌ অসম আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে । ইয়াৰোপৰি কেইবাখনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে যুৱকজনে ।