দেওবাৰে অনুষ্ঠিত হব লগা অসম চৰকাৰ তৃতীয় শ্ৰেণীৰ পদৰ চাকৰীৰ দায়িত্ব পালন কৰি জোনাইৰ সহকাৰী আয়ুক্ত নয়নমনি দত্ত জোনাইৰ পৰা ধেমাজিলৈ গৈ থকা অৱস্থাত জোনাই বিজয়পুৰত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে সন্ধিয়া প্ৰায় ৭.৩০বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় ৷ জানিব পৰা মতে দেওবাৰে হব লগা তৃতীয় বৰ্গৰ কৰ্মচাৰী নিযুক্তি প্ৰক্ৰিয়াৰ লিখিত পৰীক্ষাৰ বাবে পৰীক্ষাৰ প্ৰশ্নকাকত আনিবলৈ জোনাইৰ পৰা ধেমাজিলৈ যোৱাৰ পথত জোনাইৰ উজনি বিজপুৰত AS01 EG 8524 নম্বৰৰ বলেৰ বাহন খন দুৰ্ঘটনাত পতিত হয়৷ উক্ত দুৰ্ঘটনাত বাহনখনৰ চালকৰ সৈতে সহকাৰী আয়ূক্ত নয়নমনি দত্ত গুৰুতৰ বাবে আহত হয়৷  আহত সহকাৰী আয়ূক্ত নয়নমনি দত্ত আৰু চালকজনক জোনাই অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসা বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়।