মেঘালয়ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনত মিত্ৰতা নকৰে এন পি পিয়ে। আজি নতুন দিল্লীত এই কথা ঘোষণা কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা এন পি পি দলৰ প্ৰধান কনৰাড চাংমাই।

মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট ভাষাৰেই কয় যে, আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ লগতে আন কোনো দলৰ সৈতে মিত্ৰতা নকৰে। এই ঘোষণাই স্বাভাৱিকভাৱে গেৰুৱা শিবিৰক চিন্তিত কৰি তুলিছে।